NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত টেট উত্তীৰ্ণ যুৱকৰ আত্মহননক লৈ চাঞ্চল্য

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ March 24, 2022 12:05 pm

বিশ্বনাথৰ গড়েহাগী গাওঁৰ এগৰাকী টেট উত্তীৰ্ণ যুৱকৰ আজি পুৱা নিজ ঘৰতে চিপ লৈ আত্মহনন কৰা ঘটনাই সমগ্ৰ বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশ্বনাথৰ গড়েহাগী গাওঁৰ বিতুমণি বৰা নামৰ যুবকজনৰ আত্মহত্যাৰ ঘটনাক বহুতে সহজ ভাবে ল’বলৈ পৰা নাই।

গাওঁখনত সুনাম থকা তথা ভাগৱত বাখ্যা কৰাত পাকৈত হিচাবে জনাজাত যুৱকজনে গ্ৰহণ কৰা চৰম সিদ্ধান্তই সকলোকে হতবাক কৰি তুলিছে।

যুৱকজনে কিছু দিন পূৰ্বে হাইস্কুল টেট পৰীক্ষা আৰু এম ই টেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

মে’ মাহত বৰপেটা অথবা নগাঁৱত টেট শিক্ষক হিচাপে যোগদানৰ সম্ভাৱনা আছিল যুৱকজনৰ।

কিন্তু কিহৰ বাবে যুৱকজনে এনে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল সেয়া সকলোৰ বাবে এক সাঁথৰ হৈ পৰিছে।

উল্লেখ আজি পুৱা ঘৰত পিতৃ- মাতৃ নথকা অৱস্থাত এই ঘটনা সংঘটিত কৰিলে যুৱকজনে ।