NORTHEAST NOW (Assamese)
অসম

‘চৰকাৰ নৰেন্দ্ৰ মোডীয়ে নহয় আদানী, আম্বানীয়েহে চলাইছে’—অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী February 18, 2021 1:35 pm
IMG20210217163753

বঙাইগাঁৱত পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে  প্ৰতিবাদী সমদল উলিয়ালে ছাত্ৰ সংগঠনে।

পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে  প্ৰতিবাদী সমদল  উলিওৱা হয় বঙাইগাঁৱত ।

বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কীৰ্ত্তনপাৰাত বঙাইগাওঁ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত এক ধৰ্ণা, প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে।

৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ নেত্ৰী তথা অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা নাজিমা খাতুনে কয় যে সাম্প্ৰতিক বিজেপি নেতৃত্বাধীন চৰকাৰ খন দৰিদ্ৰ জনগনৰ চৰকাৰ নহয় ,পুঁজিপতিৰ হে চৰকাৰ।

তেওঁ লগতে কয় চৰকাৰ নৰেন্দ্ৰ মোডীয়ে নহয় আদানী,  আম্বানীয়ে হে চলাইছে , যাৰ ফলত দেশত অত্যাৱশকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে, পেট্ৰল, ডিজেলৰ মূল্য প্ৰায় ১০০ টকা হোৱাৰ পথত।

কিন্তু এই ক্ষেত্ৰত  চৰকাৰ নিমাত কিয় বুলি তেওঁ প্ৰশ্ন  কৰে।

সমগ্ৰ ভাৰতৰ লগতে অসমত  পুঁজিবাদী, ফেচীবাদী চৰকাৰ চলিছে বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছৰ অসম ৰাজ্যিক সম্পাদিকা গৰাকীয়ে ।