NORTHEAST NOW (Assamese)

Half pant আকৌ গোলমাল লগালে হাফপেণ্টে! এইবাৰ বেংকত প্ৰৱেশত বাধা হাফপেণ্ট পিন্ধা যুৱকক

November 21, 2021 2:59 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 21, 2021 3:07 pm

হাফপেণ্টে মাজে মাজে সমাজত জোকৰণিৰ সৃষ্টি কৰি আহিছে। সৌসিদিনা কৃষি অনুষ্ঠিত হোৱা বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষাত হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি অহাৰ বাবেই এগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাত বহাৰ অনুমতি দিব নিবিচৰাৰ কথাই অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

১৬ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিশ্বনাথৰ পৰা আহিছিল জুৱলী তামুলী নামৰ ছাত্ৰী গৰাকী। কিন্তু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰ্যবেক্ষকে ছাত্ৰীগৰাকীক হাফপেণ্ট পিন্ধি পৰীক্ষাত বহাৰ অনুমতি দিবলৈ অসন্মত হৈছিল।

অৱশেষত যেনিবা ছাত্ৰীগৰাকীক এখন পৰ্দা গাত মেৰিয়াই লৈ পৰীক্ষাত বহাৰ অনুমতি দিয়া হৈছিল।
অসমত সংঘটিত হোৱাৰ দৰেই ঘটনা এটাৰ পুনৰাবৃত্তি ঘটিছে। এইবাৰ অৱশ্যে ঘটনাৰ স্থান বেলেগ হোৱাৰ লগতে ঘটনাটোৰ সৈতে যুৱতীৰ পৰিৱৰ্তে যুৱ এজনহে জৰিত হৈ পৰিছে।

পশ্চিমবংগৰ কলিকতাত এইবাৰ সংঘটিত হৈছে হাফপেণ্ট কাণ্ড। আশীষ নামৰ যুৱক জনে তেওঁৰ টুইটাৰত এইবুলি প্ৰকাশ কৰা মতে ১৬ নৱেম্বৰৰ গদিনা তেওঁ কলকাতাৰ ষ্টেটবেংকৰ এটা শাখালৈ ঙাফপেণ্ট পিন্ধি গৈছিল।

বেংকটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰে। যুৱক জনে কাৰণ জানিব বিচৰাত নিৰাপত্তাৰক্ষীয়ে কয় যে বেংকত হাফপেণ্ট পিন্ধি প্ৰৱেশ কৰাৰ অনুমতি দিয়া হোৱা নাই।

সেইবাবেই তেওঁ বেংকত প্ৰৱেশ কৰিব নোৱাৰে।

যদিহে যুৱক জনে লংপেণ্ট পিন্ধি আহে তেতিয়াহে তেওঁক বেংকত সোমাবলৈ দিব বুলি যুৱক জনক জনোৱা হয়।

ইয়াৰ পিছতে যুৱক জনে টুইটাৰত তেওঁৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে।

যুৱক জনে টুইটাৰত কৰা এনে অভিযোগ সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ষ্টেট বেংক কৰ্তৃপক্ষই।

Related News