NORTHEAST NOW (Assamese)

আলফা-স্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ যুৱকৰ

January 20, 2022 2:24 pm · এন ই নাও নিউজ, গুৱাহাটী

তিনিচুকীয়াৰ এজন যুৱক যোৱা উৰুকাৰ নিশাৰে পৰা সন্ধানহীন হৈ থকাৰ পিছত  আলফা-স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।

সূত্ৰসমূহৰ মতে, সন্ধানহীন যুৱকজনক হাতীহাল বৰগৰা অঞ্চলৰ অভিজিৎ বৰা বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনৰ পৰিয়ালৰ সদস্যই দাবী কৰা মতে তেওঁ উৰুকাৰ বাবে বজাৰ কৰিবলৈ গৈ আৰু উভতি নাহিল।

তেওঁৰ ফোনো তেতিয়াৰ পৰাই ছুইটছ অফ হৈ আছে আৰু তেওঁ ক’ত গৈছে তাৰো কোন মেচেজ দিয়া নাই।

লগতে পঢ়ক: কোভিডৰ সংহাৰ: বাতিল হ’ল ঐতিহাসিক জোনবিল মেলা, পালন কৰা হ’ব কেৱল ধৰ্মীয় পৰম্পৰাহে

স্থানীয় লোকে সন্দেহ কৰে যে তেওঁ আলফা-স্বাধীনতে যোগদান কৰিছে কিয়নো তেওঁলোক আৰ্থিক সংকটত ভূগিছিল।

তেওঁৰ পত্নীয়ে কয় যে তেওঁ ক’ত গৈছে সেই বিষয়ে তেওঁৰ কোনো ধাৰাণা নাই যদিও তেওঁ পতিক তেওঁৰ বাবে উভতি অহাটো বিচাৰে।

লগতে পঢ়ক:অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা, কি পদৰ বাবে কেতিয়া পৰীক্ষা?

আৰক্ষীয়ে বৰ্তমান বিষয়টো তদন্ত কৰি আছে যদিও এতিয়ালৈকে তেওঁক অপহৰণ কৰা হৈছে নে তেওঁ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছে সেয়া নিশ্চিত হ’ব পৰা নাই।

তেওঁ কেব চালক হিচাপে কৰ্মৰত আছিল বুলি কোৱা হৈছে।  

Related News