উত্তৰ প্ৰদেশ নিৰ্বাচন: যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দী হ’ব ভীম আৰ্মী প্ৰধান আজাদ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে উত্তৰ প্ৰদেশৰ ৰাজনীতিত। উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব বুলি ঘোষণা কৰিছে ভীম আৰ্মী প্ৰধান চন্দ্ৰশেখৰ আজাদে।
দলিত নেতা আজাদে ইয়াৰ পূৰ্বে নিৰ্বাচনত যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰি থৈছিল। আজি তেওঁৰ দলে আনুষ্ঠানিকভাৱে গোৰখপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।
যোগী আদিত্যনাথে প্ৰথমবাৰৰ বাবে বিধায়কৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে। অৱশ্যে চন্দ্ৰশেখৰ আজাদে যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়ালেও যোগীৰ মুখ্য প্ৰতিদ্বন্দী সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীজনহে হ’ব বুলি সন্দেহ কৰা হৈছে।
গোৰখপুৰ সমষ্টিত ভীম আৰ্মী প্ৰধান আজাদ তথা তেওঁৰ দলৰ কোনো গণভিত্তি নাই। তদুপৰি চন্দ্ৰশেখৰ আজাদে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।
চন্দ্ৰশেখৰ আজাদে কিছুদিন পূৰ্বে সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গ অস্বীকাৰ কৰিছিল।
উল্লেখ্য যে ৩৪ বৰ্ষীয় আজাদে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। অৱশ্যে পিছত তেওঁ নিজা কোনো দল নথকাৰ অজুহাতত সেই ঘোষণা স্থগিত ৰাখে আৰু মায়াৱতী আৰু কংগ্ৰেছক সমৰ্থন আগবঢ়ায়।
এতিয়া যিহেতু তেওঁৰ নিজা এটা দল আছে সেয়ে তেওঁ যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব বুলি আজাদে মন্তব্য কৰে।
“উত্তৰ প্ৰদেশ বিধানসভাত স্থান লাভ কৰাটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। মোৰ বাবে এইয়া হে গুৰুত্বপূৰ্ণ যে যোগী আদিত্যনাথ বিধানসভাত থাকিব নালাগে। গতিকে তেওঁ য’তেই প্ৰতিদ্বন্দিতা কৰিব, মই প্ৰতিদ্বন্দিতা কৰিম।”- যোৱা বৰ্ষত আজাদে কৈছিল।