NORTHEAST NOW (Assamese)
অসম

আঁৰত প্ৰেমৰ সম্পৰ্ক! যুৱকৰ নিৰুদ্দেশক লৈ উত্তপ্ত হাজো আৰক্ষী থানা

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ January 20, 2022 3:09 pm
Hajo protest against youth missing

এজন যুৱকৰ নিৰুদ্দেশৰ ঘটনাক কেন্দ্ৰ কৰি আজি হাজো আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

নিৰুদ্দিষ্ট যুৱকজন হাজোৰ পানীপাৰাৰ ২৪ বছৰীয়া সৌৰভ দাস।

হাজোৰ শইকীয়া পাৰাৰ এগৰাকী মুছলমান যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ।

প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে যুৱক জনৰ পৰিয়ালৰ লোকে।

লগতে পঢ়ক: আলফা-স্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ যুৱকৰ

ন্যায় বিচাৰি যুৱকজনৰ পৰিয়ালৰ লগতে হাজো আৰক্ষী থানাত শতাধিক লোকে ভিৰ কৰে। হাজো আৰক্ষী থানাত কান্দোনৰ ৰোল উঠে।

যোৱা মঙলবাৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন।

ইতিমধ্যে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। এতিয়ালৈকে যুৱক জনৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।