NORTHEAST NOW (Assamese)

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

May 17, 2022 10:53 am · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰত কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে নিশা এক  অঘটন ঘটে। প্ৰচণ্ড মাৰপিটৰ ঘটনাত এজন যুৱক আহত হয়। আহত যুৱকজন কলিয়াবৰ পূৱথৰীয়াৰ বেদান্ত বৰা।

কলিয়াবৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলিয়ে মঞ্চত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিবেশন কৰি থকাৰ মাজতে এই অঘটন ঘটে।

জুবলিৰ গীতত নৃত্য কৰি থকা যুৱক বেদান্তক এক পাঁচ জনীয়া যুৱকৰ দলে প্ৰহাৰ কৰে। ফলত মূৰত বেয়াকৈ আঘাত পায় যুৱকজনে।

ফটো: নৰ্থইষ্ট নাও।

আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ চিকিৎসকে প্ৰেৰণ কৰে।

আনহাতে, যুৱকজনক প্ৰহাৰ কৰা এজন যুৱকৰ নাম ৰাজা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখ্য যে এফালে মহাবিদ্যালয়খনৰ শিক্ষাগুৰুৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে শান্তিপূৰ্ণভাবে কণ্ঠশিল্পী গৰাকীৰ গীতত নৃত্য কৰাৰ বিপৰীতে মহাবিদ্যালয়খনত অধ্যয়ন নকৰা এচাম উদণ্ড যুৱকে উদ্দাম নৃত্যৰে পৰিবেশ বিনষ্ট কৰাৰো অভিযোগ উঠিছে।

Related News