NORTHEAST NOW (Assamese)

বিহুৰ চান্দাক লৈ মাৰপিট : চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাবে আহত গৃহস্থ

April 19, 2025 5:58 pm · এন ই নাও নিউজ, গুৱাহাটী

বিহুৰ চান্দাক লৈ সংঘটিত হৈছে মাৰপিটৰ ঘটনা। গুৱাহাটীৰ ওদালবাক্ৰা অঞ্চলত বৃহস্পতিবাৰে গভীৰ নিশা এই ঘটনাত এজন যুৱক গুৰুতৰভাবে আহত হয়।

সূত্ৰই জনোৱা মতে, বেলতলী পাহাৰৰ বিহু উদযাপন সমিতিয়ে স্থানীয় বাসিন্দা গোবিন্দ হাজৰিকাক ১০০০ টকাৰ অনুদান বিচাৰি যোৱাক কেন্দ্ৰ কৰি এই কাজিয়া সংঘটিত হয়।

জানিব পৰা মতে, বিহু কমিটিয়ে গোবিন্দ হাজৰিকাক ১০০০ টকা চান্দা বিচৰাৰ বিপৰীতে হাজৰিকাই ৫০০ টকা হে দিবলৈ খোজে। এই কথাতেই পদ্মকান্ত দাস নামৰ এজন লোকৰ সৈতে গোবিন্দ হাজৰিকাৰ বাক যুদ্ধৰ আৰম্ভ হয়।

ইয়াৰ পিছতে পদ্মকান্ত দাসে গোবিন্দ হাজৰিকাক ব্লেডেৰে আক্ৰমণ কৰি ডিঙিত গুৰুতৰভাৱে আঘাত কৰে। ইয়াৰ পিছৰ হাজৰিকাৰ মাতৃকো আক্ৰমণ কৰে পদ্মকান্ত দাসে।

লগে লগে হাজৰিকাক ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমানেও তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

ইত্যিমধ্যে গোবিন্দ হাজৰিকাৰ পৰিয়ালে আদাগুদাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সূত্ৰই নিশ্চিত কৰিছে যে অভিযুক্ত পদ্মকান্ত দাস বৰ্তমান অসম আৰক্ষীত হিচাপে কৰ্মৰত।

Related News