NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ লঙা নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ

November 2, 2020 9:34 am · ৰিনয় বসুমতাৰী
পংকজ ব্ৰহ্মৰ ফাইল ফটো। ফটো: নৰ্থইষ্ট নাও

শনিবাৰে সন্ধিয়া কোকৰাঝাৰৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত লঙা নদীত ডুবি যোৱা এজন ১৮ বছৰীয়া কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

যুৱকজনক দোতমা আৰক্ষী থানাৰ অন্তৰ্গত কমলসিং গাঁৱৰ পংকজ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী আৰু ষ্টেট ডাইজেষ্টাৰ ৰেছপঞ্চ ফ’ৰ্চৰ (SDRF) এটা দলে দেওবাৰে পুৱাৰে পৰা উদ্ধাৰ অভিযান চলাইছিল।

কেইবাঘন্টা জোৰা উদ্ধাৰ অভিযানৰ অন্তত দলটোৱে দেওবাৰে বিয়লি প্ৰায় ৩বজাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ কৰাৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দোতমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বি ৰামচিয়াৰীয়ে দেওবাৰে সন্ধিয়া কয়,’’আজি পুৱাৰে পৰা উদ্ধাৰ অভিযান চলোৱা হৈছিল আৰু বিয়লি মৃতদেহটো উদ্ধাৰ কৰা হয়।‘’

যুৱকজন হোটেল মেনেজমেন্টৰ ছাত্ৰ আছিল আৰু তেওঁ গোৱাত অধ্যয়ন কৰি আছিল।

যুৱকজনে লঙা নদীত গা ধূবলৈ যাওঁতে দুৰ্ভাগ্যজনকভাৱে তেওঁ পানীত ডুবি যায়।

Related News