NORTHEAST NOW (Assamese)
অসম

বোকাখাতত পশুধন কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰা যুৱকৰ দলক হাতে-লোটে আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 21, 2020 7:40 am

বিগত সময়ত বোকাখাতৰ বিহৰা বজাৰৰ পৰা পশুধন সৰবৰাহ কৰা গাড়ীৰ পৰা ধন দাবী কৰি অহা এটা যুৱকৰ দলক হাতে-লােটে কৰায়ত্ত কৰে বোকাখাতৰ আৰক্ষীয়ে।

দেওবাৰৰ বোকাখাতৰ পানবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে বিহৰা বজাৰৰ পৰা গাহৰি পােৱালী লৈ নগাঁও অভিমুখে গৈ থকা এ এচ ০২ বি চি ৭৩১৭ নম্বৰৰ এখন টেম্পু গাড়ীৰ পৰা পাঁচজনীয়া যুৱকৰ দলটোৱে ধন দাবী কৰি থকা অৱস্থাতে বােকাখাত আৰক্ষীয়ে আটক তেওঁলোকক আটক কৰে।

এ এচ ০১ এক্স ৩৮৮৪ নম্বৰৰ টাটা ইন্দিকা গাড়ীত অহা দলটোয়ে পশুধন সৰবৰাহ কৰা গাড়ীৰ পৰা ধন সংগ্রহ কৰি থকা সম্ভেদ লাভ কৰি বােকাখাত আৰক্ষীয়ে এই অভিযান চলায়। ধৃত যুৱক কেইজন হ’ল দেৰগাঁৱৰ দিব্যজ্যোতি বৰা, সীমান্ত বৰা, ৰঞ্জিত শইকীয়া আৰু বােকাখাতৰ সৌৰভ বৰা, পাপু শইকীয়া।

ঘটনা সন্দৰ্ভত গাহৰি কঢ়িওৱা গাড়ীখনৰ মালিক আৰু ব্যৱসায়ী কেইজনে যুৱকৰ দলটোৰ বিৰুদ্ধে বােকাখাত থানাত এখন এজাহাৰ দাখিল কৰিছে। আনহাতে যুৱকৰ দলটোয়ে ধনদাবী কৰাৰ কথা অস্বীকাৰ কৰিছে যদিও এজাহাৰৰ ভিত্তিত  বােকাখাত আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে।

যুৱকৰ দলটোয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ লগতে পঞ্জীয়ন নম্বৰ বিহীন এখন পালচাৰ বাইকো জব্দ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰি কেউজন যুৱককে সোমবাৰে আদালতলৈ লৈ যোৱা হয়।