NORTHEAST NOW (Assamese)

কিয় গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিলে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক?

October 18, 2021 7:29 am · এন ই নাও নিউজ, গুৱাহাটী

Yuvraj Singh arrested প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক বৈষম্যমূলক মন্তব্য কৰাৰ এক গোচৰত দেওবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছতে অন্তৰ্ৱতীকালীন জামিনত মুকলি কৰি দিয়া হৈছে।

হাৰিয়ানাৰ হিছাৰৰ হাছিৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তদন্তকাৰী বিষয়া উপ আৰক্ষী অধীক্ষক বিনোদ শংকৰৰ সন্মুখত উপস্থিতি হৈ যুৱৰাজ সিঙে তদন্তত সহযোগ কৰে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই তেওঁক জামিনত মুকলিও কৰি দিয়া হয়। গ্ৰেপ্তাৰৰ পাছতেই যুৱৰাজক অন্তৰ্ৱতীকালীন জামিন দিয়া হয়।

যোৱা বছৰ ইনষ্টাগ্ৰামত আন এগৰাকী ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ বিৰুদ্ধে যুৱৰাজে জাতিগত বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগ উঠিছিল।

হাছিৰ এগৰাকী আইনজীৱী ৰজত কালছানে যুৱৰাজৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। কালছানে দাবী কৰে যে যুৱৰাজৰ মন্তব্যই দলিত সম্প্ৰদায়ৰ অনুভুতিত আঘাত হানিছে।

আইনজীৱীগৰাকীৰ অভিযোগৰ ভিত্তিত যুৱৰাজৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ধাৰা, ১৫৩ বি আৰু অনুসূচীত জাতি তথা জনজাতি আইনৰ (প্ৰতিৰোধ আৰু নৃশংসতা) ৩(১) (ইউ) ধাৰাত গোচৰ ৰুজু কৰা হয়।

চলিত বছৰত যুৱৰাজ সিঙে সেই গোচৰ খাৰিজ কৰাৰ আবেদন জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

অৱশ্যে ইয়াৰ মাজতে যুৱৰাজ সিঙে তেওঁৰ সেই মন্তব্যৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে ক্ষমাও বিচাৰিছিল।        

Related News