NORTHEAST NOW (Assamese)

২২ গজৰ বাহিৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে লেগস্পীনাৰ য়ুজবেন্দ্ৰ চাহালে

December 23, 2020 8:55 am · এন ই নাও নিউজ
য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহালে নিজৰ ক্ৰিকেটৰ পথাৰৰ বাহিৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰে।

মঙলবাৰে ভাৰতীয় দলৰ তাৰকা লেগ স্পীনাৰ গৰাকীয়ে জনপ্ৰিয় য়ু টিউবাৰ ধনশ্ৰী বাৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

৩০ বৰ্ষীয় চাহালে ধনশ্ৰী বাৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ আলোকচিত্ৰ নিজৰ ইষ্টাগ্ৰামত আপলোড কৰি লিখে, ‘এটা সময়ত আমি একেলগে থিয় হৈছিলো আৰু চিৰদিন সুখেৰে থিয় হৈ থাকিম।’

চলিত বৰ্ষৰ আগষ্ট মাহত চাহাল আৰু ধনশ্ৰীয়ে তেওঁলোকৰ সম্পৰ্ক প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছিল।

ধনশ্ৰী এগাৰাকী য়ু টিউবাৰ হোৱাৰ উপৰিও পেছাত দন্ত চিকিৎসক।

ভাৰতীয় টি-২০ আৰু এদিনীয়া দলৰ নিয়মীয়া সদস্য য়ুজবেন্দ্ৰ চাহালে বৰ্তমানলৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৫২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰু ৪২ খন টি-২০ খেলত অংশ লৈছে।

চাহালে এদিনীয়াত ৯১ টা উইকেট দখল কৰাৰ বিপৰীতে টি-২০ত দখল কৰিছে ৫৯ টা উইকেট।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্য সকলে চাহালক বিবাহৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰে।

Related News