NORTHEAST NOW (Assamese)

এতিয়াৰ পৰা জিৰ’ বেলেঞ্চ একাউণ্টৰ গ্ৰাহক সকলে লাভ কৰিব এনেবোৰ বিনামূলীয়া সুবিধা

September 20, 2019 6:34 pm · এন ই নাও নিউজ
Updated: September 20, 2019 6:38 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰধান মন্ত্ৰীৰ জন ধন যোজনাৰ প্ৰতি সহাৰি দি ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক জিৰ’ বেলেঞ্চ একাউণ্ট খোলাৰ বাবে সুবিধা প্ৰদান কৰি আহিছে।

দেশৰ ভালেসংখ্যক লোকে ভাৰতীয় ষ্টেট বেংকত কোনোধৰণৰ ধন নভৰাকৈ জিৰ’ বেলেঞ্চ একাউণ্ট খুলিছে য’ত কোনোধৰণৰ ন্যূনতম ধনৰাশি জমা ৰখাৰ প্ৰয়োজন নায়।

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে জিৰ’ বেলেঞ্চ একাউণ্ট থকা লোকসকললৈ কেতবোৰ সুবিধা আগবঢ়াইছে। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা এই নতুন নিয়মসমূহ জিৰ’ বেলেঞ্চ একাউণ্টৰ ক্ষেত্ৰত কাৰ্য্যকৰী হৈছে।

নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা জিৰ’ বেলেঞ্চ একাউণ্ট থকা গ্ৰাহকসকলে বিনামূলীয়াকৈ এ টি এম কাৰ্ড লাভ কৰাৰ লগতে মাহিলী চাৰিবাৰ বিনামূলীয়াকৈ এ টি এমৰ পৰা ধন উলিওৱাৰ সুবিধা লাভ কৰিব।

তৰোপৰি, জিৰো বেলেঞ্চ একাউণ্টৰ গ্ৰাহকসকলে বিনামূলীয়াকৈ ইণ্টাৰনেট বেংকিং সেৱাও লাভ কৰিব পাৰিব নতুন নিয়ম অনুসৰি।

উল্লেখযোগ্য যে, ভাৰতীয় নাগৰিকৰ কে ৱাই চি চৰ্তসমূহ পুৰণ কৰা সকলো গ্ৰাহকে জিৰ’ বেলঞ্চ একাউণ্ট খুলিব পাৰে।

Related News