NORTHEAST NOW (Assamese)

জিম্বাবুৱেক হৰুৱায়ো শংকামুক্ত নহয় ভাৰত, ইডেনৰ মেচত নিৰ্ধাৰণ হ’ব ছেমি ফাইনেলৰ ভাগ্য

February 27, 2026 7:28 am · এন ই নাও নিউজ, গুৱাহাটী

ঘৰুৱা মাটিত চলি থকা বিশ্বকাপত গৌতম গম্ভীৰৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰিছিল টীম ইণ্ডিয়াই। কিন্তু ছুপাৰ আঠৰ প্ৰথমখন মেচতে সূৰ্যকুমাৰ যাদৱৰ বাহিনীয়ে এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হবলগীয়া হয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ভাৰতৰ বাবে ছেমি ফাইনেলৰ পথটো যথেষ্ট কঠিন হৈ পৰিছিল। অৱশ্যে জিম্বাবুৱেৰ বিৰুদ্ধে খেলা ছুপাৰ আঠৰ শেহতীয়া মেচখনত ভাৰতীয় দলৰ ভাগ্যই কিছু পৰিমাণে সহায় কৰিলে। দলটোৰ তথাকথিত দুৰ্বল প্ৰতিপক্ষ জিম্বাবুৱেৰ বিৰুদ্ধে হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ৭২ ৰানত এক বৃহৎ জয় সাব্যস্ত কৰে। এই জয়ৰ পাছতো কিন্তু ভাৰতীয় শিবিৰত সম্পূৰ্ণ সকাহ অহা নাই। কাৰণ বিশ্বকাপৰ আচল ক্লাইমেক্স এতিয়াও বাকী আছে। অহা দেওবাৰে কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত নিৰ্ধাৰণ হব ভাৰতৰ বিশ্বকাপৰ ভৱিষ্যত। সেইদিনাৰ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰত প্ৰতিযোগিতাত টিকি থাকিব নে বিদায় লব।

কলকাতাৰ এই গুৰুত্বপূৰ্ণ যুঁজখনৰ পূৰ্বে ভাৰতীয় দলৰ বাবে আটাইতকৈ ডাঙৰ সুখবৰটো হৈছে তৰুণ বেটাৰ অভিষেক শৰ্মাৰ ফৰ্মলৈ প্ৰত্যাৱৰ্তন। অসুস্থতাৰ বাবে কিছু সময় খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছত যুৱ খেলুৱৈগৰাকীয়ে পুনৰ নিজৰ পুৰণি ছন্দ বিচাৰি পাইছে। তেওঁ জিম্বাবুৱেৰ বিৰুদ্ধে ৫৫ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলি প্ৰমাণ কৰিলে যে তেওঁৰ বেটিং শৈলী অনন্য। সমালোচকসকলে হয়তো বিপক্ষৰ দুৰ্বলতাৰ কথা কব পাৰে, কিন্তু একেৰাহে তিনিখন মেচত শূন্য ৰানত আউট হোৱাৰ পিছত এইদৰে বাউণ্ডেৰীৰ বাহিৰলৈ বল পঠিয়াই খেলাটোৱে অভিষেকৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিছে। ইফালে আজিৰ মেচত ৰিংকু সিঙৰ স্থানত সঞ্জু চেমছনক সুযোগ দিয়া হৈছিল আৰু তেওঁক অপেনাৰ হিচাপে নমাই দল পৰিচালনাই অফ স্পিনাৰৰ বিৰুদ্ধে থকা ভীতি দূৰ কৰাৰ চেষ্টা কৰিছিল।

তিলক ভাৰ্মাক লৈয়ো গম্ভীৰৰ চিন্তা এতিয়া বহুখিনি লাঘৱ হৈছে। তিলকে মাত্ৰ ১৬টা বলতে ৪৪ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। একে সময়তে হাৰ্ডিক পাণ্ডিয়ায়ো এক দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰি নিজৰ যোগ্যতাৰ প্ৰমাণ দাঙি ধৰে। আনহাতে ভাৰতৰ হাতত পৰাস্ত হোৱাৰ লগে লগে জিম্বাবুৱেৰ বিশ্বকাপ অভিযান সমাপ্ত হল। কিন্তু এইবাৰৰ বিশ্বকাপ জিম্বাবুৱেৰ বাবে সদায় স্মৰণীয় হৈ ৰব। গ্ৰুপ পৰ্যায়ত শক্তিশালী অষ্ট্ৰেলিয়াক হৰুৱাই তেওঁলোকে বিশ্ব ক্ৰিকেটক চমকিত কৰিছিল। আনকি পৰৱৰ্তী বিশ্বকাপৰ বাবেও তেওঁলোকে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। এই মেচখনত জিম্বাবুৱেৰ ব্ৰায়ান বেনেটে ৯৭ ৰানৰ এক অসাধাৰণ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ ইনিংছৰ সহায়তে জিম্বাবুৱেই ১৮৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতীয় বলিং বিভাগৰ কথা কবলৈ গলে যশপ্ৰীত বুমৰাহ আৰু হাৰ্ডিক পাণ্ডিয়াই উইকেট নাপালেও অতি নিয়ন্ত্ৰিত বলিং কৰে। ৰ্শদীপ সিঙে বিপক্ষৰ বেটিং লাইন আপক তচনচ কৰি ২৪ ৰানত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। ইয়াৰ উপৰি বৰুণ চক্ৰৱৰ্তী, শিৱম ডুবে আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে। অৱশ্যে বেটিং ্লাইনআপে নিৰ্ভৰযোগ্যতা প্ৰদৰ্শন কৰিলেও বলিক লৈ দল পৰিচালনা এতিয়াও চিন্তিত। বিশেষকৈ জয় নিশ্চিত হোৱাৰ পাছতো শেষৰ ফালে শিৱম ডুবেই যিদৰে অতিৰিক্ত ৱাইড বল দিছিল, তাক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এতিয়া সকলোৰে চকু দেওবাৰৰ কলকাতাৰ মেচখনলৈ। যিহেতু দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছে, সেয়েহে এতিয়া সমীকৰণ অতি কঠিন হৈ পৰিছে। এক মাৰ্চৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মেচখন একপ্ৰকাৰ কোৱাৰ্টাৰ ফাইনেলত পৰিণত হৈছে। এই মেচত যি জয়ী হব তেওঁৱেই ছেমি ফাইনেললৈ যাব। গতিকে জিম্বাবুৱেক বৃহৎ ব্যৱধানত হৰুৱাৰ পাছতো এতিয়াই শান্তিৰে নিশ্বাস পেলাব পৰা নাই মেন ইন ব্লু বাহিনীয়ে।

Related News