NORTHEAST NOW (Assamese)
অসম

জন্মদিনত জুবিন গাৰ্গৰ সংকল্প : প্ৰত্যেক মাহতেই এটা এটা গীত উপহাৰ দিব শ্ৰোতালৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 18, 2020 6:50 pm
Zubeen Final

আজি ৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। তথাপিও যেন অনুৰাগীসকলৰ বাবে চিৰ তৰুণ সফল ডেকা হৈয়ে আছে জুবিন গাৰ্গ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বহু স্থানত জুবিন গাৰ্গৰ জন্মদিনটি অতি উলহ মালহেৰে পালন কৰে অনুৰাগীসকলে।

প্ৰায় কেইটা বছৰ নিজৰ জন্মদিনটো কলাগুৰু দিৱস হিচাপে পালন কৰি আহিছিল যদিও কোভিড সৃষ্ট পৰিৱেশৰ বাবে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিব নোৱাৰিলে নিজৰ জন্মদিনটো।

সদায়ে ব্যতিক্ৰমী জুবিন গাৰ্গে নিজৰ জন্মদিনটি আয়ুৰ্চন্দ্ৰা হাস্পতালৰ ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰি উদযাপন কৰাৰ লগতে ৰক্তদানো কৰে।

ইপিনে, মহানগৰীৰ খাৰঘুলিস্থিত  IRONMAN GYM ৰ উদ্যোগত জুবিনৰ জন্মদিন উদযাপন কৰা হয়। জন্মদিনৰ লগত সংগতি ৰাখি zubeen Classic Yoga Championship অনুষ্ঠিত কৰাৰ লগতে জুবিন গাৰ্গৰ উপস্থিতিত কেক কাটি উদযাপন কৰে তেওঁৰ জন্মদিন।

উক্ত অনুষ্ঠানতে অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ ঘোষণা তথা সংকল্প ‘আজিৰে পৰা প্ৰত্যেক মাহতে একোটাকৈ গীত মুক্তি দিম।‘

আজি ‘চিলা’ শীৰ্ষক গীত এটি ৰাইজলৈ বুলি আগবঢ়াই দিয়ে জুবিনে।

ইপিনে, নতুনকৈ চলচ্চিত্ৰৰ পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ আগত জনালে জুবিন গাৰ্গে। এখন চিনেমাৰ স্ক্ৰীপ্ট লিখি থকা হৈছে বুলি উল্লেখ কৰি জুবিনে অতি সোনকালেই চিনেমাখনৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে।

অৱশ্যে, চিনেমাখনৰ নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকে জুবিন গাৰ্গ।

ইয়াৰোপৰি, মৃত্যুঞ্জয় প্ৰকাশনে জুবিন গাৰ্গৰ জন্মদিনটোত শিল্পীগৰাকীক মৃত্যুঞ্জয় বঁটাৰে সন্মানিত কৰে।

নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা জুবিন গাৰ্গক জনালো জন্ম দিনৰ অলেখ শুভকামনা।