NORTHEAST NOW (Assamese)

জুবিনৰ ৰহস্যময় মৃত্যুৰ গোচৰ : ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক সম্পন্ন অসম আৰক্ষীৰ

October 21, 2025 4:00 pm ·
Updated: October 21, 2025 3:03 pm

চি আই ডিয়ে জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ তদন্ত চলাই থকাৰ মাজতে আজি অসম আৰক্ষীৰ এটা দুজনীয়া দলে ছিংগাপুৰৰ আৰক্ষীৰ লগত এখন বৈঠক সম্পন্ন কৰে।

এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰক্ষী বিষয়া অৰুণ গোৱেলে ছিংগাপুৰত উপস্থিত হৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে প্ৰায় ৩ ঘন্টা ধৰি বৈঠকত মিলিত হয়।

জানিব পৰা মতে, এই বৈঠকত তদন্তৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে অত্যাৱশ্যকীয় তথ্য সংগ্ৰহ কৰা হৈছে।

বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে অহা তিনি মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে বিতং প্ৰতিবেদন দাখিল কৰিব।

তদুপৰি চলি থকা তদন্তত সহায়ক হোৱাকৈ চি আই ডিয়ে বিচৰা তথ্যও প্ৰদান কৰিব।

Related News