NORTHEAST NOW (Assamese)

প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি; অসমীয়া চলচ্চিত্ৰ উদ্যোগত কাঞ্চনজংঘাৰ নতুন জোৱাৰ

September 14, 2019 7:53 am · এন ই নাও নিউজ
কাঞ্চনজংঘা

যোৱা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

অসমৰ বিভিন্ন জিলাৰ চলচ্চিত্ৰগৃহ সমূহত সফলতাৰে এসপ্তাহ পাৰ কৰা জুবিন গাৰ্গ প্ৰযোজিত আৰু অভিনীত কাঞ্চনজংঘাই মুক্তিৰ প্ৰথম সপ্তাহত ২.৯ কোটি টকা উপাৰ্জনেৰে চমক দিয়াই নহয় বাণিজ্যিকভাৱে অতি সফল অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।

তদুপৰি, এসপ্তাহ হৈ যোৱাৰ পাছতো কাঞ্চনজংঘাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ শেষ হোৱা নায়। এতিয়াও বিভিন্ন চলচ্চিত্ৰগৃহ সমূহত দৰ্শকে কাঞ্চনজংঘাৰ টিকত বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, মুক্তিৰ প্ৰথম দিনটোতে ৪০ লাখ টকা উপাৰ্জনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল কাঞ্চনজংঘায়।

প্ৰথম তিনিটা দিনত চলচ্চিত্ৰখনে উপাৰ্জন কৰিছিল মুঠ ১.৩৮ কোটি টকা।

ছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ পাছতে দৰ্শক সকলক ধন্যাবদ জ্ঞাপন জনাই অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে।

উল্লেখযোগ্য যে, তেজপুৰ, অৰুণাচল আদি ঠাইৰ মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা ছবিখন অসমৰ বিভিন্ন চলচ্চিত্ৰ গৃহৰ লগতে দিল্লী, কলকাতা, হায়দৰাবাদ, বাংগালুৰু, মুম্বাইতো মুক্তি দিয়া হৈছিল।

Related News