NORTHEAST NOW (Assamese)

‘গানৰ পথাৰত শস্য সিঁচি’ ‘এই মায়াৰ ধৰা’ৰ পৰা ‘মুক্তি’ ল’লে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে

September 23, 2025 1:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 23, 2025 1:56 pm

মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত… চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।

বৰ্ণিল জীৱনৰ পৰিক্ৰমা সামৰি অৱশেষত পঞ্চভূতত বিলীন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত শুই পৰিল গানেৰে জগত জিনা সেই সত্তা।

জুবিন গাৰ্গক চৰণত সেৱা জনাই শেষ বিদায় দিলে পত্নী গৰিমা গাৰ্গে…

‘গানৰ পথাৰত শস্য সিঁচি’ ‘এই মায়াৰ ধৰা’ৰ পৰা ‘মুক্তি’ ল’লে প্ৰিয় শিল্পীগৰাকীয়ে। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, অসম চৰকাৰৰ মন্ত্ৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে শেষ শ্ৰদ্ধা জনায় জুবিন গাৰ্গক।

শিল্পী জেপি দাস, পাপন, বিপিন চাউদাং, যতীন বৰাকে ধৰি জুবিনৰ সৈতে দীৰ্ঘ সময় ধৰি বাদ্যসংগত কৰা ৰাজা বৰুৱা, কৈলাশকে বহুকেইগৰাকী সংগীত শিল্পীয়ে অন্তিম বিদায় জনায় প্ৰিয় শিল্পীগৰাকীক ।

অন্তিম শয়ন….

সোণাপুৰৰ কমাৰকুছিত শুই পৰিল গানেৰে জগত জিনা সেই সত্তা।

Related News