NORTHEAST NOW (Assamese)

অনুষ্ঠানৰ মাজতে হঠাৎ অসুস্থ শিল্পী জুবিন গাৰ্গ; নেমকেয়াৰ হস্পিটেলত ততাতৈয়াকৈ ভৰ্তি

February 28, 2020 8:33 pm · কল্পজ্যোতি শইকীয়া
Updated: February 28, 2020 9:15 pm
জুবিন গাৰ্গ, ফটো সৌজন্য-মৃণ্ময়

আজি সন্ধিয়া গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে শিল্পী জুবিন গাৰ্গ।

অচেতন প্ৰায় হৈ মাটিত ঢলি পৰিবৰ উপক্ৰম হোৱা অৱস্থাতে কাষতে থকা অনুৰাগী আৰু বন্ধুবৰ্গই কোনোমতে নপৰাকৈ ৰাখিবলৈ সক্ষম হয় সকলো অসমীয়াৰ মৰমৰ শিল্পীজনক।

তাৰ পিছতে তেওঁক ততাতৈয়াকৈ এম্বুলেন্সত জি এছ ৰ’ডত থকা নেইমকেয়াৰ হস্পিটেলৰ আই চি য়ুত ভৰ্তি কৰা হয়।

অনুষ্ঠানটোত উপস্থিতসকলৰ ভাষ্য অনুসৰি বাগৰি পৰিবৰ উপক্ৰম হোৱা সময়ত শিল্পীজনৰ দুয়োপাৰি দাঁত টানকৈ বন্ধ হৈ পৰিছিল। অৱশ্যে চকু মেল খাই আছিল।

শেহতীয়া তথ্য অনুসৰি চিকিৎসালয়খনত শিল্পীজনৰ চিকিৎসা আৰম্ভ হৈছে।

শিল্পীজনে আজি সন্ধিয়া প্ৰায় ৭:৩০ বজাত গুৱাহাটীৰ জজ খেলপথাৰৰ সমীপত থকা গুৱাহাটী টাউন ক্লাবত কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” শ্ৰাব্য কেছেট মুকলি কৰিবলৈ গৈছিল।

শিল্পীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলে ইতিমধ্যে চিকিৎসালয়খনত উপস্থিত হৈছে।

Related News