NORTHEAST NOW (Assamese)
অসম

ব্ৰাহ্মণ সমাজৰ ৰোষমুক্ত জুবিন গাৰ্গ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 18, 2019 4:47 pm
Zubeen Garg saves his skin from Brahman Samaj's pique

সদৌ অসম ব্ৰাহ্মণ সমাজৰ ৰোষৰ পৰা এইবাৰলৈ ৰক্ষা পৰিছে জুবিন গাৰ্গ।

আগতেও কেইবাবাৰো “ঘৰৰ ল’ৰা বুলি” এৰি দিয়া জনপ্ৰিয় শিল্পীজনক এইবাৰো ক্ষমাদান কৰিছে সমাজে।

সমাজৰ চৰ্ত মানি গাৰ্গে নিজ মন্তব্যৰ বাবে “লিখিতভাৱে ক্ষমা প্ৰাৰ্থনা” কৰাৰ পিছত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেওবাৰে নৰ্থইষ্ট নাওক এই কথা জনাইছে সদৌ অসম ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল গোস্বামীয়ে।

গাৰ্গ আৰু সমাজ দুয়ো পক্ষই অহা ২৭ আগষ্টত এই বিষয়ে স্পষ্টীকৰণ দিব।

“অহা ২৭ আগষ্টত মঙলদৈত দুয়োপক্ষই সংবাদমেল সম্বোধন কৰি এই বিষয়ত ৰাইজক সবিশেষ জনাব,” জনায় গোস্বামীয়ে।

সমাজৰ এই সিদ্ধান্তৰ ফলত অতি চৰ্চিত বিষয়টোৰ ইমানতে আধ্যা পৰাটো নিশ্চিত হৈছে।

গাৰ্গৰ “লিখিত ক্ষমা ভিক্ষা” অবিহনে সমাজে তেওঁৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ নকৰাৰ কথা কৈছিল।

কেৱল সেয়ে নহয়, মুক্তিৰ অপেক্ষাত থকা গাৰ্গ নিৰ্মিত ছবি “কাঞ্চনজংঘা”ৰ বিৰুদ্ধেও চেন্সৰ ব’ৰ্দৰ কাষ চপাৰ কথাও তেওঁলোকে কৈছিল।

ধাৰণা কৰা হৈছে, সেই দিশতো সমাজ আৰু আগনাবাঢ়িব।

যোৱা ২৬ জুলাইত গুৱাহাটীৰ অনুষ্ঠানত গাৰ্গে তেওঁৰ বিতৰ্ক সৃষ্টিকাৰী মন্তব্য কৰিছিল। “মই বামুণ, মই লগুণ ছিঙি দিছো। এই বামুণ-চামুণ চব মাৰিব লাগে এইবিলাক।”

“হিন্দী ভাষা” আৰু “ৰিক্সাৱালা” সংক্ৰান্তীয় এক বক্তব্যও গাৰ্গে একেটা অনুষ্ঠানতে আগবঢ়াইছিল। অৱশ্যে সেই লৈ কোনো বিতৰ্ক হোৱা নাছিল।

‘‘এই হিন্দী বাদেই দিলো মই, ইংৰাজী গাওঁ আজিকালি। হিন্দী লাভ নাই, ঢেকেৰী লেংগুৱেজ, ৰিক্সাৱালায়ো কয়,” এয়া আছিল অনুষ্ঠানত গাৰ্গৰ আন এটা মন্তব্য।

বক্তব্যই বিতৰ্ক সৃষ্টি কৰাৰ পিছত গাৰ্গে কৈছিল যে তেওঁ “বৰ্ণহীন (casteless)” সমাজ বিচাৰে আৰু সেই লৈ ক’ব খোজোতেই “বামুণ” বুলি ওলাই গ’ল।