NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউন; পশ্চিমবংগত আৰক্ষীৰ নির্মম প্ৰহাৰত মৃত্যু এজন লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2020 1:11 pm
index.jpg01.jpg0

নৰ সংহাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পিছৰে পৰা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী অধিক কঠোৰ হৈ পৰিছে।

ঠাইয়ে ঠাইয়ে ঘৰ তথা পথলৈ ওলাই অহা লোকক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে।

পশ্চিমবংগত আৰক্ষীৰ বৰ্বৰ প্ৰহাৰত মৃত্যু ঘটিছে এজন লোকৰ। মৃত লোকজনৰ পৰিয়ালে এই দাবী কৰিছে।

পশ্চিমবংগৰ হাওৰাৰ ৩২ বছৰীয়া লাল স্বামী নামৰ লোৰকজনে যোৱা বুধবাৰে গাখীৰ কিনিবলৈ ঘৰৰ পৰা ওলাই আহিছিল।

আৰক্ষীৰ লোকে লোকজনক ল’কডাউন অমান্য কৰি ওলাই অহাৰ বাবে পথত অতি বৰ্বৰভাৱে লাঠিচাৰ্জ কৰি প্ৰহাৰ কৰে।

আৰক্ষীৰ নিৰ্মম প্ৰহাৰত আহত লোকজনক স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ইফালে আৰক্ষীয়ে দাবী কৰিছে যে হৃদযন্ত্ৰৰ ৰোগত ভুগি থকা লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত হৃদৰোগজনিত কাৰণতহে মৃত্যু ঘটিছে।