NORTHEAST NOW (Assamese)

Zubeen Garg ‘১৮ নৱেম্বৰত মোৰ জন্মদিন, সেই দিনাই মুকলি কৰিম মোৰ নিজৰ মিউজিক চেনেল’: জুবিন গাৰ্গৰ ঘোষণা

November 5, 2021 8:31 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 5, 2021 8:37 pm

নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ ১৮ নৱেম্বৰত জন্মদিন। সেই দিনটোতে জুবিন গাৰ্গে মুকলি কৰিব তেওঁৰ নিজৰ মিউজিক চেনেল।

এই ঘোষণা কৰিছে জুবিন গাৰ্গে নিজেই। নলবাৰীত জুবিনে এই ঘোষণা কৰে।

জুবিনে কয় যে পূৰ্বে লগাতকৈ বেছি পৰিশ্ৰম কৰাৰ বাবেই তেওঁ অসুস্থ হৈ পৰিছিল।কিন্তু বৰ্তমান তেওঁ সুস্থ বুলি অনুৰাগীসকলক কয়।

জুবিনে কয়—’১৮ নৱেম্বৰত মোৰ জন্মদিন, সেই দিনাই মুকলি কৰিম মোৰ নিজৰ মিউজিক চেনেল’।

উল্লেখ্য শেহতীয়াকৈ যোৱা ২৮ অক্টোৱৰৰ নিশা হঠাতে অসুস্থ হৈ পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী তথা ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

সেইদিনা নিশা উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগাৰ পাছত জুবিনক মহানগৰীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

উক্ত দিনা নিশা প্ৰায় ১০-৪৫ বজাত জুবিনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

উক্ত দিনা হঠাতে অসুস্থ হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

চিকিৎসকে তেওঁৰ তেজ পৰীক্ষা, ইচিজি আদি কৰাৰ পাছত জুবিনক বিপদমুক্ত বুলি ঘোষণা কৰিছিল। ।

জুবিন এতিয়া সম্পূৰ্ণ সুস্থ। আজি নলবাৰীত তেওঁ নিজেই সুস্থ হৈ উঠা বুলি অনুৰাগীসকলৰ আগত প্ৰকাশ কৰে।

Related News