NORTHEAST NOW (Assamese)

ডেমকেয়াৰ জুবিন! স্পষ্ট কৰি দিলে কা’ কেতিয়াও নাপাহাৰো

December 21, 2020 7:42 am · এন ই নাও নিউজ
Updated: December 21, 2020 10:47 am
জুবিন গাৰ্গ। ফটো উৎস: ইন্টাৰনেট।

জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ যুৱ সমাজৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে পুনৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে।

দেওবাৰে সন্ধিয়া গুৱাহাটীৰ ৰেডিছন ব্লুত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে জুবিন গাৰ্গে কয় যে মই নাগৰিকত্ব সংশোধনী আইন মানি নলও।

শিল্পীগৰাকীয়ে লগতে কা-বাতিলৰ দাবীত পুনৰ আন্দোলন কৰিব বুলিও সদৰী কৰে। অৱশ্যে, এইবাৰ ব্যতিক্ৰমী ৰূপত আন্দোলন কৰাৰ কথা উল্লেখ কৰে শিল্পীগৰাকীয়ে।

জুবিনে কয় যে কা-আন্দোলনৰ পাছতে তেওঁৰ গা বেয়া হৈছিল আৰু সেয়েহে আজিকালি তেওঁ কিছুমান কথা পাহৰে। কিন্তু কা-পাহৰি যোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে জুবিনে মন্তব্য কৰে যে দৰ্শকৰ শাৰীত বিজেপি-কংগ্ৰেছৰ সমৰ্থক থাকিলেও তেওঁ খাতিৰ নকৰে।

জুবিনে তেওঁৰ অনুষ্ঠানৰ মাজতে এইবাৰ ছচিয়েল মিডিয়াৰ মাধ্যমেৰে কা-ৰ বিৰুদ্ধে আন্দোলন কৰিব বুলিও উল্লেখ কৰে।

দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিনে কা-আন্দোলনকলৈ লিখা গানো পৰিৱেশন কৰে।

উল্লেখ্য যে কা-আন্দোলনৰ সময়ছোৱাত জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ যুৱ সমাজে আইনখনৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদত নামি পৰিছিল।

Related News