NORTHEAST NOW (Assamese)

উৰুকাৰ নিশাই তামুলপুৰত পথ দুৰ্ঘটনাত এজন যুৱক নিহত

April 14, 2019 9:01 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বাক্সাৰ তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ন মাইলত শনিবাৰে অর্থাৎ ১৩ এপ্ৰিলত সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন যুৱকে থিতাতে মৃত্যুক সাবটি লয়। নিহত যুৱকজনক তামুলপুৰ থানাৰ অন্তৰ্গত বৰখোপা গাঁৱৰ নৰেন মজুমদাৰৰ পুত্ৰ জ্যোতি মজুমদাৰ (২৩) বুলি চিনাক্ত কৰিছে।

ঘটনাৰ বিৱৰণি মতে তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে জ্যোতি মজুমদাৰে নিজৰ এএছ ০১ ডি কে ৯৭৬৯ নম্বৰৰ পালচাৰ বাইকেৰে গৈ থকা অৱস্থাত এখন নম্বৰ বিহীন ট্ৰেক্টৰত খুন্দিয়াই। ফলত মজুমদাৰে থিতাতে মৃত্যুক আঁকোৱালি লয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাটো মজুমদাৰৰ মটৰচাইকেলখনত সম্পূৰ্ণৰূপে জুই লাগি ভস্মীভূত হৈ পৰে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related News