• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 8:34 am
জ্যোতিপ্ৰসাদ আগৰৱালা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সংগীত শিল্পী অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ১৭ জানুৱাৰিত আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট শিল্পী দুগৰাকীক উক্ত বঁটাৰে সন্মানিত কৰিব।

ৰাজ্য চৰকাৰৰ দ্বাৰা ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত থাকিব নগদ এক লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু অংগ বস্ত্ৰ।

অণিমা বৰঠাকুৰ
অণিমা বৰঠাকুৰ

উল্লেখযোগ্য যে ১৯৩৩ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী অণিমা বৰঠাকুৰে ১৯৬৭ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰে। তেতিয়াৰে পৰা বৰ্তমানলৈ ছশৰো অধিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে আকাশবাণীত প্ৰথম পৰিবেশন কৰা গীতটি আছিল ‘মাটিৰ বুকুত আজিও ফুলিছে চম্পা ৰজনীগন্ধা’। অণিমা বৰঠাকুৰে কণ্ঠ নিগৰোৱা কেইটিমান জনপ্ৰিয় গীত হৈছে ‘পাট গাভৰুৰ লাজুক নয়ন’, ‘পুৱতি নিশাতে জগাবি আই মোক’, ‘আইৰ কথা ভাবিলে কি যে পাওঁ সুখ’ আদি।

আনহাতে ১৯৩৮ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী কুল বৰুৱাই স্কুলত পঢ়ি থকা কালতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল। ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰা প্ৰখাত শিল্পীগৰাকীৰ কেইটিমান জনপ্ৰিয় গীত হৈছে ‘তেনেকৈ নেচাবা আজলি ছোৱালী’, ‘মই যেন এটা বাটৰুৱা’, ‘জুমি জুমি চোৱা তুমি’ ইত্যাদি।

কুল বৰুৱা
কুল বৰুৱা

ইয়াৰোপৰি তেওঁ সেন্দূৰ, সাদৰী, বৃষ্টি প্ৰভাতী পখীৰ গান আদিৰ চলচ্চিত্ৰত নেপথ্য গায়ক ৰূপেও কণ্ঠদান কৰিছে।

১৭ জানুৱাৰিত দিনৰ ৩ বজাত অনুষ্ঠিত হ’ব লগীয়া বঁটা প্ৰদান অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ উপৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী উপস্থিত থাকিব।

উল্লেখযোগ্য যে শিল্পী দিৱসৰ সমান্তৰালভাৱে একেটা অনুষ্ঠানতে জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তি বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd