অন্তিম খেলত ঘৰুৱা খেলপথাৰত আকৰ্ষণীয় ড্ৰৰে আই-লীগ সামৰিলে লাজঙে

lajong

ৱেষ্ট বেংগলৰ বিৰুদ্ধে গ'ল দিয়াৰ পিছত লাজং এফ চিৰ খেলুৱৈৰ উল্লাস।

আজি ঘৰুৱা খেলপথাৰত ইষ্ট বেংগলৰ বিৰুদ্ধে খেলা আই লীগৰ এখন খেলত প্ৰথমে পিছ পৰি থাকিও মূৰকত ড্ৰ ৰাখিবলৈ সক্ষম হয় লাজং এফ চি। ঘৰুৱা দলটোৱে ইয়াৰ স্থানীয় জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা খেলত প্ৰথমেই গ’ল খায় যদিও শেষত সমতা স্থাপন কৰে।

উল্লেখযোগ্য যে এইখন আছিল লাজঙৰ শেষৰখন খেল। পইণ্ট তালিকাৰ ষষ্ঠ স্থানত থকা দলটোৰ বাবে এইখন সিমান গুৰুত্বপূৰ্ণ খেল নাছিল যদিও ৱেষ্ট বেংগলৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ। আজিৰ জয়েৰে ৱেষ্ট বেংগলে ফাইনেললৈ যোৱাৰ সুযোগ বৃদ্ধি কৰাৰ থল আছিল।

প্ৰথমাৰ্ধত ৱেষ্ট বেংগলৰ ফৰ্মত থকা নাইজেৰিয়ান ষ্ট্ৰাইকাৰ দুদু ওমাংবেমিয় ২০ মিনিটতে দলটোক আকাংক্ষিত অগ্ৰগতি দিয়ে। কিন্তু সেই গ’ল খোৱাৰ পিছত ঘৰুৱা দৰ্শকৰ সমৰ্থনৰ মাজত ছন্দ বিচাৰি পোৱা লাজঙে দ্বিতীয়াৰ্ধত দুটাকৈ গ’ল দি ৱেষ্ট বেংগলক এক প্ৰকাৰৰ পৰাজয়ৰ গৰাহতে পেলাইছিল। ৪৯ মিনিটত লাজঙৰ আইবানভা ধলিঙে আৰু ৬৯ মিনিটত ছেমুৱেল লালমুংপুইয়াই গ’ল দিয়ে।

কিন্তু শেষ মুহূৰ্তত ৱেষ্ট বেংগল দলটোৰ বাবে আকৌ উদ্ধাৰকৰ্তাৰ ৰূপত অৱতীৰ্ণ হয় একেজন নাইজেৰিয়া খেলুৱৈ দুদু ওমাংবেমি (Dudu Omagbemi)। দুদুৱে খেল শেষ হ’বলৈ মাত্ৰ দুই মিনিট থকা অৱস্থাত লাজঙৰ নেটত বল প্ৰৱেশ কৰাই সমতা স্থাপন কৰাৰ লগতে ৱেষ্ট বেংগলৰ ফাইনেল খেলাৰ সম্ভাৱনা ক্ষীণকৈ হ’লেও সজীৱ কৰি ৰাখে। এখন খেল বাকী থকা অৱস্থাত এতিয়া ৱেষ্ট বেংগলৰ পইণ্ট হ’ল ৩০, যিটো শীৰ্ষৰ মিনাৰ্ভা পাঞ্জাবাতকৈ ২ কম।

আনহাতে ১৮খন খেলৰ পৰা লাজঙৰ সংগ্ৰহ হ’ল ২২ আৰু তালিকাত তেওঁলোকৰ স্থান হ’ল ৬ষ্ঠ।