অন্যান্য বানচকে ধৰি দৰমহা বৃদ্ধি জনপ্ৰতিনিধিৰ

d1d

মুখ্য মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, বিৰোধী দলৰ নেতা, বিধায়কৰ মাহে ২০ হাজাৰৰপৰা ৪০ হাজাৰ টকা পৰ্যন্ত দৰমহা বৃদ্ধি পাব। মূল দৰমহাৰ সমান্তৰালকৈ বিধায়ক, মন্ত্ৰী আৰু আন সকলোৰে নিজৰ নিজৰ সমষ্টিৰ ভাট্টাকে ধৰি অন্যান্য সকলো বানচ বৃদ্ধি পাব।

উল্লেখ্য যে বৃহস্পতিবাৰে বিধানসভাৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পোটোৱাৰীয়ে এই সম্পৰ্কত বিধানসভাৰ মজিয়াত তিনিখন বিল উথ্থাপন কৰি মন্ত্ৰী-বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাব দাখিল কৰে। লক্ষ্যণীয় যে বিধায়কসকলে পাই থকা সকলো সুবিধা সংশোধিত কৰাৰো প্ৰস্তাৱ কৰা হৈছে। সম্প্ৰতি অসমৰ প্ৰতিজন বিধায়কে মাহে মূল দৰমহা ৬০ হাজাৰ টকালৈ পাই আছে।

বৃহস্পতিবাৰে উহ্থাপন কৰা এই বিধেয়কৰ জৰিয়তে বিধায়কসকলৰ মূল দৰমহা ৮০ হাজাৰ টকা কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ উপৰি বিধায়কসকলৰ এতিয়াৰ সমষ্টিৰ ভাট্টা, বিধায়কৰ সচিবৰ ভাট্টা, বিধানসভাৰ বৈঠক আৰু কমিটীৰ সভাৰ দৈনিক ভাট্টা আদিৰো বৃদ্ধি কৰিবলৈ প্ৰস্তাব দাখিল কৰে।

ইয়াৰ উপৰি প্ৰাক্তন বিধায়কসকলৰ পেন্সন আৰু চিকিৎসা ভাট্টাও বৃদ্ধি কৰাৰ বাবে কালিৰ উত্থাপন কৰা বিধেয়কত প্ৰস্তাব দাখিল কৰা হয়। প্ৰতি ৫ বছৰৰ অন্তৰে অন্তৰে মূল দৰমহা আৰু পেন্সন আদি বৃদ্ধি কৰা হ’ব। প্ৰাক্তন বিধায়কৰ পৰিয়াল পেন্সন ১৫ হাজাৰ টকাৰপৰা ২০ হাজাৰ টকা আৰু চিকিৎসা ভাট্টা ২০ হাজাৰ টকা কৰা হৈছে।

নতুন প্ৰস্তাৱ মৰ্মে মুখ্য মন্ত্ৰীৰ মূল দৰমহা মাহে ৯০ হাজাৰ টকাৰপৰা ১ লাখ ৩০ হাজাৰ কৰা হৈছে। ইয়াৰ উপৰি মুখ্য মন্ত্ৰীৰ সমষ্টি সহায়কৰ ভাট্টাৰ লগতে অন্যান্য ভাট্টাসমূহো বৃদ্ধিৰ বাবে প্ৰস্তাব কৰা হৈছে। সামগ্ৰিকভাৱে মুখ্য মন্ত্ৰীৰ দৰমহা এতিয়াতকৈ মাহে প্ৰায় ৬০ হাজাৰ টকা বৃদ্ধি কৰা হৈছে।

বৃহস্পতিবাৰে বিধানসভাত উহ্থাপন কৰা বিধেয়ক মতে কেবিনেট মন্ত্ৰী মূল দৰমহা পূৰ্বৰ ৮০ হাজাৰ টকাৰপৰা ১ লাখ ১০ হাজাৰ টকা, বিৰোধী দলৰ নেতাৰ মূল দৰমহা ৮০ হাজাৰ টকাৰপৰা ১ লাখ ১০ হাজাৰ টকা, ৰাজ্যিক মন্ত্ৰীৰ মূল দৰমহা ৭৫ হাজাৰ টকাৰপৰা ১ লাখ টকা, উপ মন্ত্ৰীৰ মূল দৰমহা ৭০ হাজাৰ টকাৰপৰা ৯৫ হাজাৰ টকা কৰাৰ প্ৰস্তাৱ কৰা হৈছে।

কেবিনেট মন্ত্ৰী, বিৰোধী নেতাৰ সমষ্টি সহায়কৰ ভাট্টা, ব্যয় সংযমী ভাট্টা আদিও বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি তেওঁলোকে বিধানসভাৰ বৈঠক, ভ্ৰমণ বানচ আদি মুখ্য মন্ত্ৰীৰ সমানে লাভ কৰিব।

আনহাতে বিধানসভাৰ অধ্যক্ষৰ মূল দৰমহা ৮০ হাজাৰ টকাৰপৰা ১ লাখ ২০ হাজাৰ টকা আৰু উপাধ্যক্ষৰ মূল দৰমহা ৭৫ হাজাৰ টকাৰপৰা ১ লাখ টকা কৰা হৈছে। অন্যান্য সা-সুবিধা মন্ত্ৰীৰ সমানে লাভ কৰিব বুলি বিধেয়কখনৰ জৰিয়তে উল্লেখ কৰে।

এই সম্পৰ্কত বিধানসভাৰ অধ্যক্ষই কয় যে এইবাৰ বিধায়কসকলে নিজে নিজে দৰমহা আৰু ভাট্টা বৃদ্ধি কৰা নাই। পি পি বাৰ্মাৰ নেতৃত্বত এই  সম্পৰ্কত তিনিজনীয়া এখন কমিটী কৰা হৈছিল। আৰু এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতে বিধেয়কখন উহ্থাপনৰ অনুমতি দিয়া হৈছে।