অসমৰ বিশিষ্ট চিত্ৰ সাংবাদিক তথা ‘অসমীয়া খবৰ’ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ৰেজেক আলী আহমেদৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
সুদীৰ্ঘ কাল ৰাজ্যখনৰ সংবাদ-সাংস্কৃতিক জগতখনৰ সৈতে জড়িত আহমেদৰ বিয়োগত শোক প্ৰকাশ কৰি এক শোকবাৰ্তাত মুখ্য মন্ত্ৰীয়ে কয় যে জীৱনকালত প্ৰয়াত ৰেজেক আহমেদে একান্ত নিষ্ঠা, নিৰলস প্ৰয়াস আৰু ঐকান্তিকতাৰে ৰাজ্যখনৰ সংবাদ জগতলৈ যি অৱদান আগবঢ়াই গ’ল সেয়া অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।
আহমেদৰ মৃত্যু আমাৰ সমাজ জীৱন তথা সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ প্ৰয়াত সাংবাদিক গৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
আনহাতে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বমীয়েও ৰেজেক আলী আহমেদৰ বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে হৃদৰোগৰ লগতে একাধিক ৰোগত আক্ৰান্ত হৈ বিগত চল্লিছ দিন ধৰি গুৱাহাটী মহানগৰীৰ হায়াত হস্পিতালত চিকিৎসাধীন হৈ থকাৰ পিছত কালি সন্ধিয়া প্ৰায় ৭.৩০ বজাত তেওঁৰ জন্ম গাঁও মঙলদৈৰ সমীপৰ বৰদৌলগুৰিৰ ঘৰলৈ নিয়া হয় যদিও প্ৰায় ৮.৩০ বজাত বিশিষ্ট সাংবাদিক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।