অসম ই-বাজেট ২০১৮ : আৰু কিছু উল্লেখনীয় দিশ

Himanta-Biswa-Sarma-..-570x320

অসমৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবছৰৰ ১২৯ পৃষ্ঠাৰ ডিজিটেল বাজেটখন বিধানসভাত উত্থাপন কৰিলে।

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’ প্ৰাথমিক বিদ্যালয়সমূহত অতিৰিক্ত শ্ৰেণী কোঠা, পাৰ্টিশ্যন ৱাল আৰু বিদ্যুতৰ সুবিধা অসম বাজেট ২০১৮-১৯’ত ঘোষণা কৰা হৈছে। গুণোৎসৱ চৰকাৰৰ অন্যতম প্ৰধান সফলতা।‘’

ৰাজ্যখনত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানক অত্যাধুনিক সা-সুবিধাৰে সজ্জিত কৰি তোলাৰ লগতে অঞ্চলটোৰ প্ৰথম নিউক্লিয়াৰ মেডিচিনৰ সুবিধা থকা প্ৰতিষ্ঠান হিচাপে গঢ় দিয়া হ’ব।

বাজেটৰ কিছু উল্লেখনীয় দিশ:-

#  ৬৬৪ খন নতুন আমাৰ দোকান স্থাপনৰ সিদ্ধান্ত

#  ৰাজ্যিক সচিৱালয়ত মহিলা কৰ্মচাৰীৰ বাবে জিৰণি কোঠা

# গুৱাহাটীত পাৰ্কিং স্থান নিৰ্মাণৰ বাবে ৫ কোটি টকা ধাৰ্য।

#  সকলো ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী সংৰক্ষিত অভয়াৰণ্যত পৰ্যটক আৰক্ষী থানা স্থাপন কৰা হ’ব

# ৰাজ্যখনত এন আৰ চি উন্নীতকৰণৰ বাবে ৯১ কোটি টকা আৱন্টন

# ২০ গৰাকী সাংবাদিকক ফেল’শ্বিপ প্ৰদান কৰা হ’ব

#  সকলো স্বায়ত্ত পৰিষদলৈ ১০ শতাংশ অধিক পুঁজিৰ অনুমোদন

# জলসম্পদ বিভাগলৈ ৮২৪ কোটি আৱন্টন

# কৃষকৰ বাবে ঋণ ৰেহাই ব্যৱস্থা

# বিদ্যুৎ বিল ৫ শতাংশ বৃদ্ধি

# ৫০০০ কনিষ্টবল নিযুক্তিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে

# সীমান্ত অঞ্চল উন্নয়নৰ বাবে ১৬১ কোটি টকা আৱন্টন

# নাৰেংগী আৰু কুৰুৱাৰ মাজত ছয় লেন যুক্ত দলং নিৰ্মাণৰ প্ৰস্তাৱ

# ৰাজ্যৰ বিভিন্ন স্থানত ৪২ টা নতুন অগ্নি নিৰ্বাপক কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত

#  মাজুলীত আদৰ্শ হস্ততাঁত গাঁও

# সকলো জিলা সদৰত চাইবাৰ আৰক্ষী থানা

# কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা ষ্টেশ্যনলৈ ৰ’পৱে নিৰ্মাণ কৰা হ’ব

# ১০০ গৰাকী অভিযান্ত্ৰিক আৰু পলিটেকনিক ছাত্ৰলৈ জলপানি

# ২৫০০০ গৰাকী শিক্ষক নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ

# গুৱাহাটী উন্নয়নৰ বাবে ১৫১৫ কোটি আৱন্টন