অসম বাজেট : সাংবাদিকৰ বাবে জলপানি, পেঞ্চন, বীমাৰ সুবিধা

অসম বিধানসভাত আজি সোমবাৰে দাখিল কৰা বাজেটত সাংবাদিকৰ বাবে ঘোষণা কৰা হৈছে সংবাদ মাধ্যম জলপানি (Media Fellowship)।

সাংবাদিকতাৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে ২০ গৰাকীকৈ সাংবাদিকক ৫০ হাজাৰকৈ টকা এই জলপানিৰ অধীনত আগবঢ়োৱা হ’ব।

আনহাতে এই বাজেটতে মীডিয়া ট্ৰাস্ত সংগঠনলৈ ১০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে।

সাংবাদিকসকলৰ পৰিয়ালৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে বিত্ত মন্ত্ৰীয়ে বাজেটত এক সাংবাদিক বীমা আঁচনিৰ প্ৰস্তাৱ কৰিছে।

তাৰোপৰি অসমত ২০ বছৰতকৈ অধিক কাল সাংবাদিকতা কৰাসকললৈ এখন পেঞ্চন আঁচনিৰো বাজেটত আৰম্ভ কৰিব খোজা হৈছে।