• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰক তিনি দিনৰ সময় বান্ধি দিলে ষ্টুডেণ্টছ ফ’ৰামে

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
April 2, 2018 10:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত স্পষ্ট স্থিতি ৰাজহুৱা কৰিবলৈ চৰকাৰক তিনি দিনৰ সময়সীমা বান্ধি দিলে দি আছাম উইমেনছ য়ুনিভাৰ্ছিটি ষ্টুডেণ্টছ ফ’ৰামে। ফ’ৰামে কয় যে অস্পষ্ট প্ৰতিশ্ৰুতি দি থকাতকৈ বিশ্ববিদ্যালয়খনক কেনেকৈ শক্তিশালী তথা সুৰক্ষিত কৰিব সেই কথা স্পষ্টকৈ কওক।

অসম মহিলা বিশ্ববিদ্যালয়খনৰ ছাত্ৰী গোটটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি কয় যে যদিহে চৰকাৰে এই সময়সীমাৰ ভিতৰত স্থিতি স্পষ্ট নকৰে, তেন্তে তেওঁলোকৰ এই চলি থকা ধৰ্ণা-প্ৰতিবাদৰ কাৰ্য্যসূচী অধিক জোৰদাৰ কৰি তুলিব। আমি অতি মানসিক যন্ত্ৰণাত আছো আৰু এতিয়া শ্ৰেণীত উপস্থিত থাকিব পৰা অৱস্থাত নাই। আমাৰ জনপ্ৰতিনিধিসকলে বিভিন্ন মন্তব্য দি আছে, যিবোৰে আমাক আমাৰ ভৱিষ্যত সম্পৰ্কত শংকিত কৰি তুলিছে।’ এইদৰে কয় ফ’ৰামৰ সদস্যাসকলে।

উল্লেখযোগ্য যে একমাত্ৰ মহিলাৰ বাবে থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্য্যাদা বাতিল কৰি এখন কাৰিকৰী প্ৰতিষ্ঠান কৰা হ’ব বুলি কেইদিন মানৰ পূৰ্বে স্বয়ং শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে।

ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল-সংগঠনে কৰা প্ৰতিবাদৰ পিছত যোৱা ২৯ মাৰ্চত বিধানসভাৰ মজিয়াত বিধানসভাৰ অধ্যক্ষই ঘোষণা কৰিছিল যে অসম মহিলা বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ মৰ্য্যাদা অক্ষুণ্ণ থাকিব।

অধ্যক্ষৰ ঘোষণাৰ পিছতো শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পৰা এই বিষয়টোত কোনো স্পষ্ট স্থিতি অহা নাই, যাৰ বাবেই অসম মহিলা বিশ্ববিদ্যালয় সমাজ আশ্বস্ত হ’ব পৰা নাই।

আনহাতে অসম মহিলা বিশ্ববিদ্যালয় ছাত্ৰী ফ’ৰাম আৰু ছাত্ৰীসকলে শিক্ষকসকলৰ প্ৰৰোচনাতহে আন্দোলন কৰি আছে বুলি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্য সন্দৰ্ভত আজি সাংবাদিকৰ আগত ফ’ৰামৰ সদস্যাসকলে কয়, ‘আমি যথেষ্ট বুজন আৰু আমি ভোট দিয়াৰ অধিকাৰ ইতিপূৰ্বে লাভ কৰিছো। গতিকে আমাক কোনেও উচটনি দি প্ৰৰোচিত কৰিব নালাগে। বৰং আমাক আমাৰ শ্ৰদ্ধেয় শিক্ষা মন্ত্ৰীজনৰ দায়িত্বহীন আৰু ভয়ংকৰ মন্তব্যইহে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰিবলৈ পৱিত্ৰ অনুষ্ঠানটোৰ চৌহদৰ বাহিৰলৈ আহিবলৈ বাধ্য কৰিছে।’

আনহাতে ফ’ৰামখনে মেণ্টৰ নিযুক্তি সন্দৰ্ভত সপক্ষে যুক্তি দি কয় যে অসম মহিলা বিশ্ববিদ্যালয় আইনখনত মেণ্টৰৰ বিষয়ে উল্লেখ নাথাকিব পাৰে। কিন্তু আইনখনে আচাৰ্য্য হিচাপে মুখ্য মন্ত্ৰীক এজন উপাচাৰ্য্যৰ ব্যৱস্থা নোহোৱা পৰ্য্যন্ত কোনো এজন যোগ্য ব্যক্তিক বিশ্ববিদ্যালয়খনৰ মুৰব্বী পতাৰ অধিকাৰ দিছে। ভূতপূৰ্ব মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে অসম কৃষি বিশ্ববিদ্যালয়ক মেণ্টৰ হিচাপে নিযুক্তি দি এইটোৱে কৰিছিল আৰু ই আইনখনৰ বিৰুদ্ধে যোৱা নাই। যদিও ইতিপূৰ্বে ওলাই যোৱা দুটা বেচ্ছৰ উত্তীৰ্ণসকলৰ প্ৰভিজনেল পাছ চাৰ্টিফিকেইটত মেণ্টৰে চহী কৰিছিল, স্থায়ী উপাচাৰ্য্য নিযুক্তি দিয়াৰ পিছত আৰু সমাৱৰ্তন অনুষ্ঠান পতাৰ পিছত এইটো বিবেচনা কৰিব পৰা যাব।

লগতে ছাত্ৰীসকলে কয় যে সকলো শিক্ষকৰে নিযুক্তি য়ু জি চিৰ নিয়ম অনুসৰিয়েই কৰা হৈছে। ইয়াৰে কিছু সংখ্যকক তদৰ্থ ভিত্তিত নিযুক্তি দিয়া হৈছে।

‘আনকি তদৰ্থ ভিত্তিত নিয়োজিত আমাৰ কিছু সংখ্যক শিক্ষকে আন প্ৰতিষ্ঠানত নিয়মীয়া চাকৰি পায়ো যোৱা নাই, এই আশাতে যে বিশ্ববিদ্যালয়খনৰ এই অৱস্থাৰ সোনকালেই পৰিৱৰ্তন হ’ব। গতিকে শিক্ষা মন্ত্ৰীয়ে আমি আনত চাকৰি নাপাম বুলি কোৱাটো শোভা নাপায় আৰু এইটো এক প্ৰকাৰৰ ৰাজনৈতিক দাদাগিৰিৰ দৰে আৰু এজন শিক্ষিত ৰাজনীতিবিদৰ মুখত এইটো খাপ নাখায়।’ এইদৰে কয় এজন শিক্ষকে।

আনহাতে আন্দোলনৰত ছাত্ৰীসকলে যোৰহাটৰ সাংসদ কামাখ্য প্ৰসাদ তাচা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকো শিক্ষা মন্ত্ৰীৰ এই মন্তব্যক সহি থকা বাবে নিন্দা কৰে। ফ’ৰাম আৰু ছাত্ৰীসকলে আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ য়ু আই গোট, কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু অন্যান্য দল-সংগঠনক তেওঁলোকৰ আন্দোলনৰ প্ৰতি সমৰ্থন আগ বঢ়োৱা বাবে ধন্যবাদ জনায়।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm
‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

September 13, 2025 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd