অসম লোকসেৱা আয়োগৰ ৩৪ গৰাকী প্ৰাৰ্থীৰ বাছনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

Guwahati-High-Court-678x381

অসম লোকসেৱা আয়োগৰ (এপিএছচি) জড়িয়তে বাছনি লাভ কৰা ৩৪ গৰাকীৰ প্ৰাৰ্থীৰ বাছনিত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী পৰিচালক, উদ্যোগ বিভাগৰ অধীক্ষক আৰু সহকাৰী উদ্যোগ বিষয়াৰ বাবে এই প্ৰাৰ্থীসকলক আয়োগে বাছনি কৰিছিল।

উক্ত বাছনি প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনাই প্ৰনব দাস আৰু সদানন্দ কলিতা নামৰ ব্যক্তি দুগৰাকীয়ে উচ্চ ন্যায়ালত দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ে নিৰ্দেশটো প্ৰদান কৰে।

আবেদনকাৰীৰ হৈ আদালতত অধিবক্তা বৰ্ণালী ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। তেওঁ অসম লোকসেৱা আয়োগে ২০১৬ চনত জাৰি কৰা বিজ্ঞাপনৰ চৰ্ত অনুসৰি বাছনি প্ৰক্ৰিয়াটো সম্পন্ন নকৰাৰ বিষয়টো আদালতত দাঙি ধৰে।

আদালতে লগতে অসম লোকসেৱা আয়োগ আৰু অসম চৰকাৰ তথা সংশ্লিষ্ট পক্ষলৈও জাননী জাৰি কৰিছে আৰু চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে।