‘অসহযোগ আন্দোলনত’ নামিব অসম ক্ৰীড়া ব’ৰ্ড কৰ্মী সংঘ

61486.3

প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম ক্রী়ড়া ব’র্ড কৰ্মী সংঘই অহা ২০-২১ জুলাইত ‘অসহযোগ আন্দোলন’ৰ কাৰ্যসূচী ঘোষণা কৰিছে। কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ আন চৰকাৰী কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি দিছিল আৰু সেই সময়সীমা অতিক্ৰম কৰাৰ বাবেই এনে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে যোৱা ২৯ মে’ত কামৰূপৰ সহঃ শ্ৰম আয়ুক্ত, ব’ৰ্ড অব স্প’ৰ্টছৰ সচিব আৰু ক্ৰীড়া ব’ৰ্ডৰ কৰ্মী সংঘৰ লগত এখন ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল। আৰু সেই আলোচনাতে ব’ৰ্ডৰ সচিবে এসপ্তাহৰ ভিতৰত দৰমহাৰ সংশোধনী ফাইল প্ৰস্তুত কৰি ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা হ’ব বুলি কৰ্মী সংঘক আশ্বাস প্ৰদান কৰিছিল।

কিন্তু কৰ্মী সংঘই সচিবে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবে বাট চালে প্ৰায় এমাহ। আৰু এমাহ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৰ্মী সংঘই অসহযোগ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উল্লেখ্য যে গুৱাহাটী নেহৰু ষ্টেডিয়ামত কৰ্মৰত ব’ৰ্ডৰ কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ নিম্নতম মজুৰি আইনৰ দ্বাৰা অনুমোদিত মজুৰিতকৈও কম পৰিমাণে পাৰিশ্ৰমিক গ্ৰহণ কৰে।