অহা ৩০ ডিচেম্বৰত ব্রহ্মপুত্র বোর্ডৰ কাম কাজৰ পৰ্যালোচনা কৰিবলৈ কাজিৰঙাত অনুষ্ঠিত হ’ব উচ্চ ক্ষমতাসম্পন্ন পৰিষদৰ বৈঠক

অহা ৩০ ডিচেম্বৰত কেন্দ্ৰীয় পথ পৰিবহন, জলসম্পদ আৰু গংগা পৰিশোধন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীৰ সভাপতিত্বত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এখন উচ্চ ক্ষমতাসম্পন্ন বৈঠক অনুষ্ঠিত হ’ব।

উক্ত বৈঠকত উপস্থিত থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাৰ্যপ্ৰণালী সম্পৰ্কে পৰ্যালোচনা কৰিবলগীয়া ৩০ ডিচেম্বৰৰ এই বৈঠকখন অনুষ্ঠিত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। দেওবাৰে মাজুলী জিলা প্ৰশাসনৰ পৰা জাৰি এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

বিবৃতিটোত কোৱা অনুসৰি নীতিন গাডকাৰীয়ে সভাপতিত্ব কৰিবলগীয়া ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ নৱমখন বৈঠক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ আয়োৰা ৰিছ’ৰ্টত অনুষ্ঠিত হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী, পৰিবহন মন্ত্ৰী, শক্তিমন্ত্ৰী, কৃষিমন্ত্ৰীগৰাকী হৈছে উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদখনৰ সদস্য।

বিবৃতিটোত আঁচনি আৰু পৰিকল্পনা বিভাগৰ যুটীয়া সঞ্চালকৰ উদ্ধৃতি দি কোৱা হৈছে যে পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় জলসম্পদ, নদী উন্নয়ন আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰো অধ্যক্ষ কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমান মাজুলীত বাহৰ পাতি থকা উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ সদস্য সচিব সঞ্জয় কুণ্ডু উপস্থিত থাকিবলগীয়া বৈঠকত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পুনৰ্গঠন সম্পৰ্কে সদস্যসকলে আলোচনা কৰিব।

প্ৰেছ বিজ্ঞপ্তিটোত লগতে প্ৰকাশ কৰিছে যে বৈঠকত আলোচনা কৰিবলগীয়া অন্যান্য প্ৰধান বিষয়ৰ ভিতৰত আছে অনুমোদন জনোৱা মাষ্টাৰ প্লেনসমূহৰ কামৰ অগ্ৰগতি, উত্তৰ-পূবৰ জলসম্পদ বিষয়ক প্ৰকল্পসমূহৰ বিশদ প্ৰকল্প প্ৰতিবেদন আৰু জৰীপ তথা অনুসন্ধান ইত্যাদি।

বৈঠকৰ আগেয়ে ২৯ ডিচেম্বৰত গাডকাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মাজুলীৰ ৰাওনাপুৰত ব্ৰহ্মপুত্ৰ বোৰ্ড গ্ৰহণ কৰা ‘বান আৰু গৰাখহনীয়াৰ পৰা মাজুলীক সুৰক্ষা’ সম্পৰ্কীয় ২৩৭ কোটি টকীয়া প্ৰকল্প এটাৰ আধাৰ শিলা স্থাপন কৰিব।

গাডকাৰীয়ে লগতে মাজুলীত ৪০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ব্ৰহ্মপুত্ৰ বোৰ্ড চৌহদৰো আধাৰশিলা স্থাপন কৰিব। এই চৌহদত থাকিব এটা কাৰ্যালয় গৃহ, আৱাসিক গৃহ,এটা অতিথিশালা, এটা গোদাউন আৰু এটা দক্ষতা বিকাশ কেন্দ্ৰ।

একেটা অনুষ্ঠানতে সোণোৱালে মাজুলীৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ লগত জড়িত ১৯ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ৰূপায়ন কৰিবলগীয়া এই প্ৰকল্পৰ মুঠ ব্যয় হ’ব ৬১ কোটি টকা।