অহা ৬ মাৰ্চলৈকে চলিব মণিপুৰৰ য়াওছাং উৎসৱ : ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীক শুভেচ্ছা

yaoshang

শুকুৰবাৰৰ পৰা সমগ্ৰ মণিপুৰত ধৰ্মীয় পৰম্পৰা, উৎসাহ-উদ্দীপনা, আনন্দ আৰু খেল-ধেমালিৰ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা, মণিপুৰীসকলৰ এটা প্ৰধান উৎসৱ য়াওছাং অহা ৬ মাৰ্চ পৰ্য্যন্ত চলি থাকিব। হোলী উৎসৱৰে এটা সংস্কৰণ এই য়াওছাং বিশেষকৈ ৰাজ্যখনৰ মেইতেই সম্প্ৰদায়ৰ মাজত অধিক জনপ্ৰিয়।

মেইতেই চান্দ্ৰ পঞ্জিকাৰ অন্তিমটো মাহ- ‘লামতা’ মাহৰ (ফেব্ৰুৱাৰি/মাৰ্চ) পূৰ্ণিমাৰ দিনা আৰম্ভ হোৱা এই য়াওছাং উৎসৱ সচৰাচৰ ৪ দিন ধৰি উদযাপন কৰা হয়। চৈতন্য মহাপ্ৰভুৰ জন্মদিনৰ সৈতে সংগতি ৰাখি পালন কৰা এই উৎসৱে জীৱনক নতুন যৌৱনৰ উদ্যমে-উদ্দীপনাৰে ভৰাই তোলে বুলি কোৱা হয়। ইয়াৰ বিশেষ আকৰ্ষণ হৈছে থবল চোংবা নৃত্য। থবল চোংবা হৈছে মণিপুৰী লোকনৃত্য আৰু ইয়াতে ল’ৰা-ছোৱালীয়ে হাতত হাত ধৰি বৃত্তাকাৰে ঘূৰি নাচে।

ভৈয়ামত বিশেষকৈ প্ৰাক-কৈশোৰৰ ল’ৰা-ছোৱালীয়ে সুন্দৰ সাজপাৰ কৰি গাত ৰং সানি ঘৰে ঘৰে গৈ বৰঙনি সংগ্ৰহ কৰাৰ পৰম্পৰা আছে। অসমৰ ভেলাঘৰৰ দৰে  সৰু জুপুৰি ঘৰ সাজি তাত জুই লগোৱাটোও উৎসৱৰ পৰম্পৰাৰ এটা অংশ।

আনহাতে ক্ৰীড়াৰ পৰিৱেশ সমৃদ্ধ কৰা আৰু ৰাজ্যখনৰ সৰ্বত্ৰে ক্ৰীড়াক উৎসাহ দিয়াৰ উদ্দেশ্যে অহা ৬ মাৰ্চত য়াওছাং ক্ৰীড়া সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

এই উৎসৱ উপলক্ষে মণিপুৰৰ ৰাজ্যপাল ড৹ নাজমা হেপতুল্লা আৰু মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।