অৰুণাচলৰ উন্নয়ন সন্দৰ্ভত ডনাৰ মন্ত্ৰীৰ সৈতে ৰাজ্যপালৰ বৈঠক

Governor With MoS DoNER Jitendra Singh

ডনাৰ মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি আবেলি ইটানগৰ ৰাজভৱনত অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰক সাক্ষাৎ কৰে।

তেওঁলোকে উত্তৰ-পূব বিশেষকৈ অৰুণাচল প্ৰদেশত বৰ্তমান চলি থকাৰ লগতে পৰিকল্পিত উন্নয়নৰ আঁচনি সমূহৰ ওপৰত আলোচনা কৰে।

ৰাজ্যপাল গৰাকীয়ে ৰাজ্যখনত দ্ৰুত পথ, ৰেল আৰু বিমান যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ত্ৰুতিমুক্ত আৰু বাধাহীন যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাজ্যপাল গৰাকীয়ে মন্ত্ৰীজনক ৰাজ্যখনৰ বাবে অনুমোদিত তিনিখন সৈনিক স্কুলৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যখনক সহায় কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ উপৰি  ৰাজ্যপাল গৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নিয়োগ সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যখনৰ স্বাদেশিক ব্যৱসায় খণ্ডক বিনিয়োগৰ বাবে  উৎসাহিত কৰিবলৈ তেওঁ ডনাৰ মন্ত্ৰী গৰাকীক আহ্বান জনায়।

ৰাজ্যপাল গৰাকীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী গৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশৰ উন্নয়নৰ লগতে যুৱ উদ্যোগী সকলক নিজ ব্যৱসায় আৰম্ভ কৰাৰ বাবে সুবিধা সৃষ্টি কৰি দিয়াৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ সদায় আগ্ৰহী আৰু দায়বদ্ধ।

ৰাজ্যখনত বৰ্তমান চলি থকা প্ৰকল্প সমূহৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে তাক সমাধান কৰিবলৈ বিভাগীয় মন্ত্ৰী সকলক লগ ধৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।