অৰুণাচল-অসম সীমান্তত নিচাযুক্ত দ্ৰব্যৰ অবাধ ব্যৱহাৰৰ বিৰুদ্ধে মহিলা সংগঠন

drugs-570x320

প্ৰতিনিধিত্বমূলক ছবি

সামাজিক অপশক্তিৰ বিৰুদ্ধে মহিলা (Women Against Social Evils চমুকৈWASE) নামৰ বেচৰকাৰী সংস্থাটোৱে নিচাযুক্ত দ্ৰব্যৰ অবাধ ব্যৱহাৰৰ ৰোধ কৰাৰ বাবে অৰুণাচল-অসম সীমান্তত  অৱস্থিত লেকু গাঁৱৰ গাঁৱৰক্ষী বাহিনীৰ পৰা সহযোগিতা বিচাৰিছে।

সংস্থাটোৱে দাবী কৰিছে যে অৰুণাচলৰ পূব ছিয়াং জিলাৰ ভালেকেইগৰাকী ড্ৰাগ আসক্ত যুৱকে এই এলেকাটোত আন্তঃৰাজ্যিক ড্ৰাগ কাৰবাৰীসকলৰ সৈতে এটা নেটৱৰ্ক গঢ়ি তুলিছে।

সম্পাদিকা জয়া টাচুংমায়ংঙৰ নেতৃত্বত মহলা সংগঠনটোৱে ৭জনীয়া মহিলাসকলৰ দলটোৱে গাঁৱৰক্ষী বাহিনীৰ সৈতে আলোচনাত মিলিত হৈ অসম-অৰুণাচল সীমান্ত এলেকাত প্ৰাদুৰ্ভাৱ হোৱা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে কেনেকৈ কম কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰে।

সামাজিক অপশক্তিৰ বিৰুদ্ধে মহিলা নামৰ সবেচৰকাৰী সংস্থাটোৰ দাবী এয়েই যে আন্তঃৰাজ্যিক ড্ৰাগ সৰবৰাহকাৰীয়ে যোগান ধৰা ড্ৰাগছৰ নিচাত পাছিঘাট আৰু ৰাস্কিন অঞ্চলৰ ভালেকেইগৰাকী কিশোৰীকে ধৰি এক বৃহৎ সংখ্যক যুৱক-যুৱতী অসক্ত হৈ পৰিছে। সৰবৰাহকাৰীসকলে লৈ অনা নিচাযুক্ত দ্ৰব্যখিনি ড্ৰাগ আসক্ত যুৱক-যুৱতীসকলে সমনীয়াৰ সৈতে লগ হৈ সেৱন কৰে।

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে অৰুণাচল আৰু অসম আৰক্ষীৰ নাকৰ আগেদিয়েই এই বেআইনী ব্যৱসায় চলি আছে।

উল্লেখ্য যে বিগত ৫ বছৰত অসম আৰু অৰুণাচল আৰক্ষীয়ে ৰাস্কিন, পাছিঘাট , মেবআৰু জোনাইৰ পৰা ২০জনতকৈও অধিক ড্ৰাগ সৰবৰাহৰ সৈতে জড়িত থকা ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। এই লোকসকলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কানি, গাঞ্জা, ব্ৰাউন ছুগাৰ আৰু অন্যন্য নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰিছিল।