অৰুণাচল প্ৰদেশত শীঘ্ৰে মুকলি হ’ব ৪ খন নতুন ষ্টেডিয়াম

য়ুপিয়াত নিৰ্মীয়মান ষ্টেডিয়ামৰ ছবি

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ঘটাই শীঘ্ৰে ৰাজ্যখনত চাৰিখনকৈ নতুন আউটড’ৰ ষ্টেডিয়াম নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পথত।

নগৰ উন্নয়ণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান ষ্টেডিয়াম কেইখনৰ স্থানসমূহ হৈছে পাপুম পাৰে জিলাৰ য়ুপিয়া, নামনি সোৱণশিৰিৰ জিৰো, পূব ছিয়াঙৰ পাচিঘাট আৰু আপাৰ সোৱণশিৰিৰ ডাপোৰিজো।

ইয়াৰে য়ুপিয়াত অৱস্থিত ৫৯.৪৮ কোটি টকা ব্যয়ৰে নিৰ্মিত ষ্টেডিয়ামখনত ১৫,০০০ গৰাকী দৰ্শকৰ বাবে আসনৰ ক্ষমতা থাকিব। ইয়াত ফুটবল খেলৰ সুবিধা, এথলেটিক ট্ৰেক, ড্ৰেছিং ৰূম ইত্যাদিৰ ব্যৱস্থা থাকিব।

আনহাতে ৪০.৯০ কোটি টকাৰে নিৰ্মিত পাচিঘাটৰ ষ্টেডিয়ামখনত ১১,০০০ দৰ্শকৰ বাবে আসনৰ ক্ষমতা থাকিব। এই ষ্টেডিয়ামটো য়ুপিয়াৰ ষ্টেডিয়ামত থকা সকলো সুবিধা থাকিব বুলি জানিব পৰা গৈছে।

এই দুখন ষ্টেডিয়ামৰ উপৰি জিৰো আৰু ডাপোৰিজোত ক্ৰমে ২৪.৩১ কোটি আৰু ১২.৪১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা ষ্টেডিয়াম ক্ৰমে ৪,০০০ আৰু ২,০০০ দৰ্শক বহিব পৰা ক্ষমতা থাকিব।