অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীৰ কিৰেন ৰিজিজুক সাক্ষাত

অৰুণাচল প্ৰদেশৰ দিবং অঞ্চলৰ পৰা যোৱা প্ৰায় ২৪ জন ছাত্ৰ-ছাত্ৰীয়ে শুক্ৰবাৰে দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাত কৰে। ভাৰতীয় সেনাৰ জন্মু আৰু কাশ্মীৰ ৰাইফলছৰ ১৯ নং মাউন্তেইন ডিভিজনৰ দ্বাৰা আয়োযিত ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰী সকলে এই ভ্ৰমনত ভাগ লয়। উল্লেখযোগ্য যে ২৪ ডিচেম্বৰৰ পৰা ০৬ জানুৱাৰি লৈকে চলিবলগীয়া যাত্ৰাটোত ছাত্ৰ-ছাত্ৰী সকলে ৰাজধানী দিল্লীৰ লগতে আগ্ৰা আৰু লক্ষনৌৰ গুৰুত্বপূৰ্ণ স্থান সমূহ ভ্ৰমণ কৰিব। ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ আয়োজন কৰাৰ বাবে জন্মু আৰু কাশ্মীৰ ৰাইফলছক প্ৰশংসা কৰি ৰিজেজুয়ে কয় যে ই দুৰ্গম অঞ্চলৰ শিশুসকলক ভাৰতৰ বৈচিত্ৰ তথা বিশালতাক আৱিস্কাৰ কৰাৰ এক সুযোগ দিছে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক উক্ত  ভ্ৰমনৰ অভিজ্ঞতা সমুহ পৰিয়াল তথা বন্ধু- বান্ধৱৰ সৈতে ভগাই লবলৈ উপদেশ দিয়ে। উল্লেখযোগ্য দেশৰ বৈচিত্ৰ্যক সৰ্বাধিক এক্সপ’জাৰ দিয়াৰ উদেশ্যে ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ আয়োযন কৰা হৈছে।