অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী অনশ্বু জামচেনপাক সণ্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ANSHU

 

অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী অনশ্বু জামচেনপাক আজি সণ্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অৰুণাচল ইউনিভাৰ্ছিটী অৱ ষ্টাডিছে।

নামচাইত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ দ্বিতীয় সমাৱৰ্তনত জামচেনপাক ডিগ্ৰী প্ৰদান কৰে উপাচাৰ্য কমল লোচনে।

উল্লেখ্য যে জামচেনপাক বঁটা প্ৰদান কৰা অনুষ্ঠানটোত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, পৰিকল্পনা-বিত্ত বিভাগৰ সংসদীয় সচিব চাও জিগনু নামচুম, বিশ্ব শিক্ষা মিচনৰ সভাপতি ড০ অশ্বিনী লোচনকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

বঁটা গ্ৰহণ কৰি পৰ্বতাৰোহী জামচেনপাই ভাষণ আগবঢ়াই কয়— যেতিয়া মই পাহাৰত আৰোহণ কৰো তেতিয়া পৰিস্থিতি যিয়েই নহওক কিয় মই পাহাৰৰ শিখৰত উপস্থিত হ’বলৈ চেষ্টা কৰো। একেদৰে মই তোমালোকক ক’ব বিচাৰো যে লক্ষ্য প্ৰাপ্তিৰ বাবে তোমালোকে কঠোৰ পৰিশ্ৰম কৰা আৰু বিচৰা লক্ষ্য লাভ নকৰা পৰ্যন্ত চেষ্টা অব্যাহত ৰখা। ই বিশেষকৈ যুৱ প্ৰজণ্মৰ কৰণীয় হোৱটো উচিত।

আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথিৰ আসনৰ পৰা ভাষণ আগবঢ়াই চৌভিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোঁৱৰ শেখৰ বিজেন্দ্ৰই কয় যে দুঃসাহিক ক্ৰীড়া আৰু পৰ্যটনৰ ক্ষেত্ৰত জামচেনপাই লাভ কৰা ডিগ্ৰীৰ জৰিয়তে তেওঁ গোলকীয় স্তৰৰ যিকোনো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ বহু সংখ্যক শিক্ষাৰ্থীৰ উপৰি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।