অৱসৰপ্ৰাপ্ত ডি আই জিৰ ঘৰৰ পৰা চুৰি হোৱা সোণ শিৱসাগৰত উদ্ধাৰ

আজি শিৱসাগৰ আৰু গুৱাহাটী ফটাশিল আমবাৰী থানাৰ যৌথ অভিযানত শিৱসাগৰত উদ্ধাৰ হয় ২ কোটিৰো অধিক মূল্যৰ সোণ আৰু হীৰাৰ আ-অলংকাৰ।

উল্লেখযোগ্য যে যোৱা ২১ জুনত গুৱাহাটীৰ ৰংপথাৰ নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি কৃষ্ণকান্ত শৰ্মাৰ ঘৰত চুৰি কার্য সংঘটিত হৈছিল। উক্ত চুৰি কাৰ্যৰ সন্দৰ্ভত শৰ্মাৰ পৰিয়ালে ফটাশিল আমবাৰী থানাত এক গোচৰ ৰুজু কৰিছিল।

ফলত ২৫৪/১৮ নম্বৰ গোচৰৰ অনুসন্ধানত ফটাশিল আমবাৰী থানাৰ আৰক্ষীয়ে শিৱসাগৰ থানাৰ আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই শিৱসাগৰৰ শলগুৰি অঞ্চলৰ পৰা ৰূপক কাকতি, তেওঁক সহযোগ কৰা ৰূপকৰ পত্নী মণিকা কাকতি আৰু ৰূপকৰ প্ৰতিবেশী ৰাজীব দত্ত নামৰ তিনি জনক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে কৃষ্ণকান্ত শৰ্মাৰ ঘৰত ৰান্ধনিৰ কাম কৰিছিল ধৃত ৰূপকে আৰু যোৱা ২১ জুনত ৰূপকে চুৰি কায্য সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে ৰূপক কাকতিয়ে হালধি বাৰীত পুতি থোৱা আৰু ৰাজীৱ দত্তৰ ঘৰত লুকোৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে চুৰি হোৱা সোণ আৰু হীৰাৰ অলংকাৰ সমূহ। উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ ভিতৰত পাঁচশ গ্ৰাম ওজনৰ  সোণ হীৰাৰ কাণফুলি, চেইন, খাৰু, সোণ ৰূপৰ মুদ্ৰা আদি কৰি প্ৰায় প্ৰায় ২ কোটি টকাৰ মূল্যৰ আ-অলংকাৰ আছিল।