আইজল ফুটবল ক্লাৱক ‘দা স্প’ৰ্টছ ক্লাৱ অব দা ইয়েৰ’ বঁটা প্ৰদান

 

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত আইজল ফুটবল ক্লাৱক ‘দা স্প’ৰ্টছ  ক্লাৱ অব দা ইয়েৰ’ বঁটা প্ৰদান কৰা হয়। সাদিন প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত সৰ্বানন্দ সোণোৱাল আৰু অন্যান্য সন্মানীয় ব্যক্তিসকলৰ উপস্থিতিত  উপ-প্ৰধান মন্ত্ৰী এম ভেনকিয়া নাইডু মুখ্য অতিথি হিচাপে উপস্থিত থাকি আইজল ফুটবল ক্লাৱক উক্ত বঁটা প্ৰদান কৰে।

এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতীয় ফুটবল ইতিহাসত  উল্লেখনীয় অধ্যায় লিখিব পৰাকৈ নিজকে প্ৰতিষ্ঠা কৰা আইজল এফ চিয়ে এই বছৰৰ মে’ত  শ্বিলং লাজঙক পৰাস্ত কৰি তেওঁলোকৰ প্ৰথম হিৰো আই লীগৰ খিতাপ অৰ্জন কৰে। উল্লেখযোগ্য যে ১৯৮৪ চনত আইজলত প্ৰতিষ্ঠা হোৱা আইজল এফ চিক ২০১২ ত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আই লীগৰ দ্বিতীয় ডিভিজনত অংশ গ্ৰহণৰ বাবে স্বীকৃতি দিছিল।