মাজুলীক বান আৰু গৰাখহনীয়াৰপৰা সুৰক্ষা দিয়াৰ বাবে এক ২৩৭ কোটিটকীয়া প্ৰকল্পৰ ৰূপায়ন পৰ্যৱেক্ষণ কৰি থকা ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ বিশেষজ্ঞসকলে আই আই টি গুৱাহাটীত এটা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ স্থাপনৰ বাবেও পৰামৰ্শ আগবঢ়াইছে।
এই কেন্দ্ৰটোৱে জলবিদ্যা, পৰিৱেশ, আন্তঃৰাজ্যিক জল পৰিৱহন, কৃষি আৰু সমাজবিদ্যাৰ বহু বিভাগীয় দিশ্সমূহ সামৰি ল’ব। এই কেন্দ্ৰটো স্থাপনত কেন্দ্ৰীয় চৰ্কাৰে সহযোগিতা আগবঢ়াব।
মাজুলী মূল নদীদ্বীপটো ১২৪৫ বৰ্গ কিলোমিটাৰ এলেকাযুক্ত মাজুলী জিলাৰ অন্তৰ্ভুক্ত। ই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বালি জমা হৈ সৃষ্টি হোৱা এটা নদীদ্বীপ। বালি বান্ধ খাই থকা গুণযুক্ত নোহোৱা বাবে এই দ্বীপটো অত্যন্ত খহনীয়াপ্ৰৱণ।
ব্ৰহ্মপুত্ৰ ব’ৰ্দে পূৰ্বতে সম্পূৰ্ণ কৰা প্ৰধান কামসমূহ আছিল ৯৬.২৫ কি. মি. দৈৰ্ঘৰ মথাউৰি নিৰ্মাণ আৰু ওখ কৰা, সোণোৱাল কছাৰী আৰু কাণ্ডুলি মাৰীত মাটিৰ ভেঁটি নিৰ্মাণ, গৰাখহনীয়া হোৱা ঠাইসমূহত অসংখ্য আৰ্চিচি পাৰ্কুপাইন নিৰ্মাণ আৰু ৪.১১ কি. মি. দৈৰ্ঘৰ ৪ টা স্থানত মথাউৰি নিৰ্মাণ আৰু ৫ টা স্থানত মথাউৰি উচ্চতা বৃদ্ধি কৰা ইত্যাদি। ব’ৰ্ডে এই সুৰক্ষামূলক ব্যৱস্থা সমূহ লোৱাৰ আগতে মলোৱাল-মালাপিন্ধা আদি অঞ্চলত বাৰিষা খেতি কৰাটো অসম্ভৱ আছিল। ইয়াৰ কাৰণ আছিল মথাউৰি সমূহত থকা বিভিন্ন ভগ্ন অংশ। মাজুলীবাসীয়ে প্ৰতি বছৰে বানপানীৰ পৰা জীয়াতু ভূগিব লগা হৈছিল আৰু বিস্তৰ অঞ্চল পানীত জাহ গৈছিল। ব্ৰহ্মপুত্ৰৰ পাৰৰ ১০ কি. মি. দীঘল এচোৱা অঞ্চল বাদ দি বাকী সৰহ সংখ্যক অঞ্চলৰে গৰাখহনীয়া ৰোধ কৰিব পৰা গৈছিল। পাৰ্কুপাইনৰ যথোপযুক্ত ব্যৱহাৰে পলস জমা হোৱাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে ই নদীখনৰ গঠন আৰু গতিপথলৈ এক ধনাত্মক পৰিৱৰ্তন আনিলে। ইয়াৰ ফলত ভূমি পুনৰুদ্ধাৰ হোৱাত মাজুলীৰ মাটিকালি ২০০৪ চনৰ ৫০২.২১ বৰ্গ কি. মি. ৰ পৰা বাঢ়ি ২০১৬ চনত ৫২৪.২৯ বৰ্গ কি. মি. হ’লগৈ।