ইম্ফলৰ খুমান লাম্পাক ক্ৰীড়া ক্ষেত্ৰৰ খুমান লাম্পাক এছত্ৰ’ টাৰ্ফ হকী ষ্টেডিয়ামত অষ্টম ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পীয়নশ্বিপৰ আজি আনুষ্ঠানিক শুভাৰম্ভ হয়।
১৫ দিনীয়া প্ৰতিযোগিতাখনৰ আজি ঘৰুৱা দল মণিপুৰ আৰু স্পৰ্টছ অথৰিটি অব গুজৰাটৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত গুজৰাটৰ দলটোৱে ঘৰুৱা হকী দলটোক ৩-২ গ’লত পৰাস্ত কৰাৰ বিপৰীতে আন এখন খেলত অসমৰ হকী দলটো তেলেংগনাৰ হাতত ৩-৪ গ’লত পৰাস্ত হয়। অসম হকী দলটোৱে মঙ্গলবাৰে হ’ব লগা আন এখন খেলত কেন্দ্ৰীয় সচিবালয় দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইয়াৰ উপৰি প্ৰথম দিনটোত অনুষ্ঠিত আন চাৰিখন খেলত ভাৰতীয় খাদ্য নিগমৰ দলটোৱে মধ্যপ্ৰদেশ হকী দলক ৮-৪ গ’লত পৰাস্ত কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশ হকী দলে বিদৰ্ভ হকী সংস্থাক ৫-২ গ’লত, কেন্দ্ৰীয় সচিবালয়ৰ দলে চাই(SAI) দলক ৩-২ আৰু কানাড়া বেংকে চি আই এছ এফ দলক ৩-০ গ’লত পৰাস্ত কৰে।
ভাৰতীয় হকীৰ সহযোগত মণিপুৰ হকীয়ে আয়োজন কৰা উক্ত চেম্পিয়নশ্বিপখনত ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা ৩২টা হকী দলে অংশগ্ৰহণ কৰে। দল সমূহক মুঠ ৮ পুলত ভাগ কৰা হৈছে। প্ৰত্যেকটো পুলতে ৪টা কৈ দল থাকিব আৰু তেওঁলোকৰ মাজৰ খেলসমূহ ইম্ফলত অৱস্থিত SAIৰ টাকয়েলপট আৰু খুমান লাম্পাক ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে।
মণিপুৰৰ উপ মুখ্য মন্ত্ৰী ৱাই জয়কুমাৰে উদ্বোধন কৰা অনুষ্ঠানটোত জিৰিবামৰ বিধায়ক আশাবুদ্দিন, ভাৰতীয় হকীৰ মুখ্য কাৰ্যবাহী বিষয়া এলিনা নৰ্মান, ৰাজ্যিক ক্ৰীড়া সঞ্চালক এন প্ৰবিন সিঙকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।