আজি কৃষক মুক্তিৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত হ’ব জাতীয় দল-সংগঠন

Akhil-Gogoi-680x365

কৃষক নেতা অখিল গগৈ : ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতলিৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰচেষ্টাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু ৰণনীতি সাজু কৰিবলৈ আজি কৃষক মুক্তিৰ নেতৃত্বত অনুষ্ঠিত হ’ব এখন বিশেষ সভা। অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কলকলাল বৰুৱা প্ৰেক্ষাগৃহত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই সভালৈ ইতিমধ্যে অসমৰ প্ৰায় সংখ্যাক দল-সংগঠনক পত্ৰ প্ৰেৰণ কৰা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত হ’ব ৰাজ্যখনৰ প্ৰায়বোৰ জাতীয়-জনগোষ্ঠীয় সংগঠন।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে অসমৰ প্ৰায় কেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনে উপস্থিত থকাৰ বাবে মত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আজিৰ সভাত অসমৰ বুদ্ধিজীৱী, ছাত্ৰ সংগঠন, কৃষক সংগঠন, মহিলা সংগঠন, জ্যেষ্ঠ নাগৰিকৰ লগতে ৰাজ্যৰ বহু জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ সংকটৰ মুহূৰ্তত সকলোৱে লগ লগাটো অতীব প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। যুটীয়া সংসদীয় সমিতি দ্বিতীয় বাৰৰ বাবে অসম ভ্ৰমণ কৰাৰ সময়ত যথাযোগ্য আৰু যথেষ্ট পৰিমাণৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ সকলোৱে একত্ৰিত হোৱাটো বিচাৰিছে কৃষক মুক্তিয়ে।

সেয়েহে সময়ৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষক মুক্তিয়ে এই উদ্যোগ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।