আজি গুৱাহাটীত আই এছ এলৰ দ্বিতীয়খন খেল : নৱাগত জামছেদপুৰৰ বিৰুদ্ধে নামিব ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড

নৰ্থ-ইষ্ট য়ুনাইটেডেৰ মিডফিল্ডাৰ ৰ'লিন ব'ৰ্জেছ।

আই এছ এলৰ চতুৰ্থটো সংস্কৰণৰ এখন খেলত আজি নৰ্থ-ইষ্ট য়ুনাইটেডে তেওঁলোকৰ গৃহ চহৰত এইবাৰৰ নতুন দল জামছেদপুৰ এফ চিৰ মুখামুখি হ’ব। স্থানীয় সময়মতে সন্ধিয়া ৮ বজাত ইয়াৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত দুয়োটা দল পৰস্পৰৰ মুখামুখি হ’ব। ঘৰুৱা দৰ্শকৰ সন্মুখত নৰ্থ-ইষ্ট য়ুনাইটেড আত্মবিশ্বাসেৰে নামিব যদিও তেওঁলোকৰ তাৰকা খেলুৱৈ ৰ’লিন ব’ৰ্জেছে (Rowllin Borges) খেলিব পাৰিব নে নোৱাৰে সেই লৈ প্ৰশিক্ষক অনিশ্চয়তাৰ মাজত আছে। হলিচৰণ নাৰ্জাৰীকে ধৰি কেইবাজনো উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈ থকা নৰ্থ-ইষ্ট য়ুনাইটেডৰ পৰা ঘৰুৱা দৰ্শকৰ প্ৰত্যাশাও নিশ্চিতভাৱেই ঊৰ্ধ্বমুখী হ’ব। খেলখন ষ্টাৰ প্লাছ-2 এ পোনপটীয়া সম্প্ৰচাৰ কৰিব।