আদিবাসী মহাসভাই জনোৱা ১২ ঘণ্টীয়া বন্ধত স্তব্ধ বিটিএডি: বিটিচি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত দল-সংগঠন   

BTAD Bandh

ফাইল ফটো

বিটিচি চৰকাৰে বি টি এডিত নতুন ভূমি নীতি গ্ৰহন কৰা সিদ্ধান্তৰ বিৰোধিতাৰে আজি আদিবাসী মহাসভাই আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিএডি বন্ধত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে।

দীৰ্ঘ দিনে বি টি চিত বসবাস কৰি অহা আদিবাসী, চাওঁতাল,নেপালী,কোচৰাজবংশী আৰু নাথ যোগী জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ বাবে বি টি চি প্ৰশাসনৰ কেবিনেটে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বাতিল কৰিবলৈ সমগ্ৰ বি টি চিৰ বিভিন্ন দল সংগঠনে আজিৰ এই বন্ধক পূৰ্ণ সমৰ্থন জনাইছে।

আনহাতে শেহতীয়াকৈ আমালৈ অহা খবৰ অনুসৰি এই বন্ধৰ ফলত বিটিএডিৰ ভেৰগাঁও মহকুমাৰ বিভিন্ন অঞ্চলত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ইয়াৰে ডিমাকুছি, বামুনজুলি আদি অঞ্চলত ৰাজিপুৱাৰে পৰা যান-বাহন, দোকান-পোহাৰ আদি বন্ধ হৈ পৰাত সাধাৰণ জীৱন-যাপন স্তব্ধ হৈ পৰে।

ইয়াৰ উপৰি এই বন্ধত গোসাঁইগাঁও মহকুমাতো যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হয়। উক্ত অঞ্চলটোত ৰাতিপুৱাৰে পৰা শ্ৰীৰামপুৰ, শিমুলটাপু, জাৰাগুৰি আদি অঞ্চলত শ-শ বন্ধ সমৰ্থক ৰাজপথলৈ ওলাই আহি বন্ধ সৰ্বাত্মক কৰি তোলে। জানিব পোৱা অনুসৰি ওৰাঙৰো বিভিন্ন অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

এই বন্ধৰ ফলত অসম-বংগ সীমান্তৰ শিমুলটাপু-শ্ৰীৰামপুৰত শ শ মালবাহী ট্ৰাক আৱদ্ধ হৈ থকাৰ খবৰ আহিছে। লগতে বিটিএডিৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰ আদি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা যায়।

ইফালে বন্ধ সমৰ্থনকাৰীয়ে যাতে বন্ধ সময়ছোৱাত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিটিএডি অঞ্চলৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হোৱা বুলি প্ৰশাসনে জানিবলৈ দিয়ে।