আধাৰ কাৰ্ড লাভ কৰা অবৈধ প্ৰব্ৰজনকাৰীৰ সৱিশেষ জনাবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰৰ আহ্বান

aadhar-1-678x381

সীমান্তৰ সিপাৰৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰাৰ বাতৰিৰ পিছত বিষয়টো সম্পৰ্কত গভীৰ চিন্তা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

অবৈধ প্ৰব্ৰজনকাৰীক আধাৰ কাৰ্ড প্ৰদান কৰা কাৰ্যই য়ুনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ (য়ু আই ডি এ আই) শীৰ্ষ বিষয়াৰ চকু কপালত তুলিব পাৰে কিয়নো নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগত বিভাগটো ইতিমধ্যে বিতৰ্কৰ মাজত সোমাই পৰিছে।

‘’ উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ য়ুআইডিএআইৰ পৰা ভুলবশত আধাৰ কাৰ্ড লাভ কৰা অবৈধ নাগৰিকৰ তথ্য পাতি জনাবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া হৈছে,’’- কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। অলপতে সংসদত ৰিজিজুৱে বিষয়টো উত্থাপন কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে আৰু আইন বলবৎকাৰী আৰু চোৰাংচোৱা সংস্থাসমূহৰ সহায়ক হোৱাকৈ অবৈধ নাগৰিকসকলৰ তথ্য পাতি দাঙি ধৰিবলৈ নিৰ্দেশ দিছে যাতে তেওঁলোকক চিনাক্ত কৰি উলিওৱাৰ লগতে তেওঁলোকৰ হাতত পৰা সকলো ধৰণৰ ভুৱা ভাৰতীয় নাগৰিকৰ নথি পত্ৰ বাতিল কৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক বিতাড়ন কৰিব পৰা যায়।

‘’বাংলাদেশ, ম্যানমাৰ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা অবৈধ নাগৰিকৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হৈছে,’’-ৰিজিজুৱে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীসমূহক সষ্টম কৰি ৰখাৰ লগতে সীমান্ত অঞ্চলসমূহত নিৰন্তৰ তহল অব্যাহত ৰখাৰ জৰিয়তে নিৰীক্ষণ ব্যৱস্থা, সীমান্ত নিৰীক্ষণ চকী স্থাপন আৰু চোৰাংচোৱা ভিত্তিক বিশেষ অভিযান গভীৰ কৰি তোলা হৈছে।

তেওঁ জানিবলৈ দিয়ে যে সীমান্ত অতিক্ৰম কৰি সংঘটিত কৰা অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত চকীৰ শক্তি-সামৰ্থ্যৰ নিয়মিত পৰ্যালোচনা কৰা হ’ব আৰু কৰ্মশক্তি নিয়োগ কৰি তাক শক্তিশালী কৰি তোলা হ’ব। ইয়াৰ লগতে নিৰীক্ষণৰ বিশেষ সা-সঁজুলি আৰু আন আন্ত:গাঁথনিমূলক সাহায্যও আগবঢ়োৱা হ’ব।