ৰাজ্যখনত থকা আন্তৰ্জাতিক বাণিজ্য স্থানসমূহ উন্নত কৰাৰ বাবে মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালাই কেন্দ্ৰীয় চৰকাৰলৈ আৱোদন জনাইছে। আজি নতুন দিল্লীৰ অবেৰয় হোটেলত অনুষ্ঠিত ‘দিল্লী ডায়লগ’ শীৰ্ষক সভাখনত উপস্থিত থাকি মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এছিয়ান (ASEAN) দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সংযোগ কৰাৰ গতি খৰতকীয়া কৰাৰ বাবে কেন্দ্ৰলৈ আৱেদন জনায়।
নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া এই সভাখনত এছিয়ান দেশসমূহৰ প্ৰতিনিধিসকল আৰু ভাৰতৰ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। এই সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে গৈছে যে যিমান শীঘ্ৰে ভাৰত আৰু এছিয়ান দেশসমূহৰ মাজত বাণিজ্যিক লেনদেন আৰম্ভ হ’ব, শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চল উপকৃত হ’ব।
উল্লেখ্য যে দশম ‘দিল্লী ডায়লগ’ৰ থিম ‘ভাৰত-এছিয়ানৰ সামুদ্ৰিক বাণিজ্য শক্তিশালী কৰি’ৰ সম্পৰ্কত মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে বিশেষকৈ মিজোৰামত চলি থকা প্ৰকল্পসমূহৰ প্ৰসংগত এয়া সঠিক।
মিজো মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘এক্ট ইষ্ট পলিচিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এছিয়ান দেশসমূহেৰে সংযোগ কৰাৰ লক্ষ্য আগত ৰাখিছে। এই নীতিত মিজোৰামৰো অংশ আছে-কালাদান মাল্টিমোডেল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্ট হৈছে এটা বহু ধৰণযুক্ত (মাল্টিমোডেল) ভূমি, নদী, সমুদ্ৰপথ পৰিবহণ প্ৰকল্প, যিটোৱে মিজোৰামক ম্যানমাৰৰ মাজেৰে ১২৯ কি:মি: স্থলপথ আৰু কালাদান নদীৰে ১৫৮ কি:মি: জলপথ অতিক্ৰমি ম্যানমাৰৰ ছিট্টৱে সামুদ্ৰিক বন্দৰ হৈ, সামুদ্ৰিক পথেৰে ৫৩৯ কি:মি: নিলগত অৱস্থিত কলকাতা বন্দৰৰ সৈতে সংযোগ কৰিব। মিজোৰাম চৰকাৰে এই প্ৰকল্পত ৰাজ্যখনৰ ৭৬শতাংশ অংশ সম্পূৰ্ণ কৰিছে’’
লাল থানহাৱালাই কেন্দ্ৰক মিজোৰামৰ চামফাই জিলাত জোখাওটাৰ গাঁৱত থকা ভূ-সীমাশুল্ক আস্থাটোৰ কাৰ্যক্ষমতা খৰতকীয়া কৰি দুয়োদেশৰ মাজত বাণিজ্যৰ বিকাশ সাধন কৰি তোলাৰ বাবে আহ্বান জনায়। লাল থানহাৱালাই আৰু কৈছে যে মিজোৰামৰ কাওৰপুইচ্চুৱাহত এটা অখণ্ড তালাচী চকীত বাংলাদেশৰ সৈতে বাণিজ্যপথৰ বিকাশ সাধন কৰা হৈছে আৰু কাৰ্যকৰী হ’বলৈ সাজু হৈ উঠিছে। ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণে এই প্ৰক্ৰিয়াৰ গতি বৃদ্ধি কৰিব পাৰে।