মেঘালয়ত আনৰ সহায়ত অন্যায়ভাৱে ক্ষমতা দখল কৰিছে বিজেপিয়ে:ৰাহুল

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত মাত্ৰ দুখন আসন লাভ কৰিয়েই মেঘালয়ত চৰকাৰ গঠন কৰা বিজেপিক ক্ষমতালোভী আখ্যা দি জনাদেশক অৱমানা কৰা বুলি তীক্ষ্ন ভাষাৰে সমালোচনা কৰিছে ভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে।

গান্ধীয়ে গেৰুৱা দলটোক আনৰ বোকোচাত উঠি ক্ষমতালৈ অহা বুলি দোষাৰোপ কৰিছে।

নিজৰ আনুষ্ঠানিক টুইটাৰ একাউন্টৰ পৰা কৰা এটি টুইটৰ যোগেদি গান্ধীয়ে কৈছে যে মাত্ৰ দুখন আসন লাভ কৰা বিজেপিয়ে মেঘালয়ত আনৰ সহায়ত অগণতান্ত্ৰিকভাৱে  অন্যায়ভাৱে ক্ষমতা দখল কৰিছে। মণিপুৰ আৰু গোৱাৰ দৰেই গেৰুৱা দলটোৱে মেঘালয়ৰ ক্ষেত্ৰতো জনাদেশ উলংঘা কৰিছে আৰু ক্ষমতাৰ ৰাগিত অন্ধ গৈ ক্ষমতা দখলকেই একমাত্ৰ লক্ষ্য কৰি লোৱা বিজেপিয়ে ধনবলৰেৰে এক সুবিধাবাদী মিত্ৰজোঁট গঠন কৰিছে  বুলি কংগ্ৰেছৰ সভাপতিজনে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কংগ্ৰেছ দলটোৱে মেঘালয়ত  সংখ্যাগৰিষ্ঠ দল হিচাপে জয়লাভ কৰিছিল যদিও  চৰকাৰ গঠনৰ লক্ষ্য সংখ্যা লাভ কৰা নাছিল। কিন্তু বেলেগে বেলেগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলসমূহক নিজৰ পক্ষলৈ আনি চৰকাৰ গঠন কৰাৰ বাবে আৱশ্যকীয় ৩১খন আসনৰ মিত্ৰজোঁট গঠন কৰাত সফল হৈছিল  বিজেপি।

পূৰ্বেও যোৱা বছৰত অনুষ্ঠিত হোৱা গোৱা আৰু মণিপুৰৰ নিৰ্বাচনৰ দৃশ্যপট ক্ষেত্ৰতো অনুৰূপ আছিল। কোনোটো দলে চৰকাৰ গঠনৰ বাবে আৱশ্যকীয় সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল ।যদিও কংগ্ৰেছ সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল তথাপি চৰকাৰ গঠনৰ বাবে সমৰ্থন আদায় কৰাত ব্যৰ্থ হৈছিল।

এইবাৰ মেঘালয়তো বিজেপিৰ নিখুঁট পৰিকল্পনাৰ ওচৰত কংগ্ৰেছ দল পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল।

প্ৰণিধানযোগ্য যে চৰকাৰ গঠনৰ দাবীলৈ কনৰাড কে ছাংমাই সোমবাৰে ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰিছিল।

‘নেডা’ৰ  আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাসহ ভালে কেইগৰাকী শীৰ্ষস্থানীয় বিজেপি নেতাই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি এটি সূত্ৰত প্ৰকাশ।